চিৰাঙৰ ছাপাগুৰিত পথ দুৰ্ঘটনাত এগৰাকী মহিলাৰ মৃত্যু; কথমপি স্বামীৰ প্ৰাণ ৰক্ষা
নিয়মীয়া বাৰ্তা, ৮ আগষ্ট: চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত ছাপাগুৰিত আজি পুৱা সংঘটিত এক পথ দুৰ্ঘটনাত এগৰাকী মহিলা নিহত হয়।
প্ৰাপ্ত খবৰ মতে চিৰাং জিলাৰ আমগুৰি থানাৰ অন্তৰ্গত নাঙলভাঙা নিবাসী মোমিন আলী নামৰ ব্যক্তিজনে নিজৰ এ এছ ১৯ এইচ ৮৮৫২ নম্বৰ মটৰ চাইকেল খনত পত্নীৰ সৈতে ৰাখালডুবি দিশৰ পৰা নিজগৃহ অভিমুখে গৈ আছিল। পুৱা প্ৰায় ৬:৪০ বজাত ৩১’গ’ নম্বৰ ৰাষ্ট্ৰীয় পথত ছাপাগুৰি চাৰিআলিত হাগ্ৰামা দলঙৰ দিশে যোৱা ৰৌমাৰী পথৰ দিশত ঘূৰিবলৈ লওতে মোমিন আলীৰ পত্নী হঠাৎ মটৰ চাইকেলৰ পৰা মূল পথৰ ওপৰতে সোঁ দিশত বাগৰি পৰে। লগে লগে মোমিন আলীয়ে নিয়ন্ত্ৰণ হেৰুৱাই নিজেও বাওঁ দিশে মটৰ চাইকেল সহ বাগৰি পৰে। সেই মুহূৰ্তত একে দিশত পিছে পিছে আহি থকা এন এল ০২কিউ/৪০৭৩ নম্বৰৰ টেংকাৰ ট্ৰাক খনৰ চকা হেলেনা খাতুনৰ মুৰৰ ওপৰৰে পাৰ হৈ যায়। ফলত ঘটনাস্থলীতে মহিলা গৰাকীৰ মৃত্যু হয়। মোমিন আলী সৌভাগ্য ক্ৰমে ৰক্ষাপৰে। ঘটনাৰ খবৰ পোৱা মাত্ৰেই ঢালিগাঁও থানাৰ যানবাহান নিয়ন্ত্ৰণ শাখাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ পথৰ পৰা আতৰাই মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰু মটৰ চাইকেল , টেংকাৰ, আৰু টেংকাৰ চালক জনক ঢালিগাঁও থানালৈ নিয়ে। টেংকাৰ খনৰ চালক ভাগ্য নাৰায়ণক (পিতা-ৰাজেন নাৰায়ণ,বিহাৰ) আৰক্ষীয়ে সোধাপোছা কৰি এটি গোচৰ ৰুজু কৰিছে। নিহত মহিলা গৰাকীৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পাছত ঢালিগাঁও আৰক্ষীয়ে মৃতদেহ পৰিয়ালক গতাই দিয়ে।