নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেলেঙৰ পৰা গোলাঘাটৰ আটছাৰ মহাৰজত জয়ন্তী উৎসৱলৈ দৌৰিল প্ৰাক্তন আটছা নেতা দ্বীপন চাওৰা

নিয়মীয়া বাৰ্তা, ২৬ ডিচেম্বৰ: অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ প্ৰতিষ্ঠাৰ ৭৫ বছৰ উপলক্ষ্যে গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত আজিৰে পৰা আৰম্ভ হোৱা মহাৰজত জয়ন্তী উৎসৱথলীলৈ দৌৰি গ’ল প্ৰাক্তন আটছা নেতা দ্বীপন চাওৰা । মৰিয়নিৰ চেলেং মাজনৈৰ পৰা আজি পুৱা গোলাঘাটৰ সমন্বয় ক্ষেত্ৰলৈ অভিযান আৰম্ভ কৰে প্ৰাক্তন আটছা নেতাজনে । আজি পুৱা ৪ বজাত যাত্ৰা আৰম্ভ কৰি বিয়লি ২-৪৫ বজাত সমন্বয় ক্ষেত্ৰত উপস্থিত হয়গৈ । মাজনৈ চাহ বাগিচাৰ যুৱক তথা যুৱ সমাজকৰ্মী, ক্ৰীড়া সংগঠক দ্বীপন আটছাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আছিল । সংগঠনটোৰ প্ৰতি একাগ্ৰতা আৰু প্ৰচুৰ দায়বদ্ধতা আছিল দ্বীপনৰ । সেই একাগ্ৰতা যে এতিয়াও অটুত আছে সেই কথা দৌৰি প্ৰমান কৰি দেখুৱালে প্ৰাক্তন আটছা নেতাজনে । আজি যাত্ৰাপথত প্ৰাক্তন আটছা নেতাজনক আটছাৰ কেন্দ্ৰীয় সমিতি কাৰ্য্যনিৰ্বাহক সদস্য মৰিয়নিৰ মঙ্গল গৰাইট, আটছা মৰিয়নি শাখাৰ সভাপতি বন্ধন গোৱালা, সম্পাদক দীনেশ চাহু , সন্তোষ মহাৰানা আদি বিষয়ববীয়া সকলে সহযোগ আগবঢ়ায় । যাত্ৰাপথত কেবাঠাইতো প্ৰাক্তন আটছা নেতাজনক গামোচাৰে আদৰণি জনোৱা হয় । দ্বীপন চাওৰাই কয়- আটছা আমাৰ হৃদয়ৰ মাজত আছে । চাহ জনগোষ্ঠী লোকৰ বাবে সংগঠনটোৱে কৰি অহা কামবোৰ কেতিয়াও উলাই কৰিব নোৱাৰি । আমি ভাগ্যৱান যে, দেশৰ স্বাধীনতাৰ পিছতে জন্মলাভ কৰা এটা বলিষ্ঠ সংগঠনৰ কৰ্মী হ’ব পাৰিছোঁ‌ । সেয়েহে মহাৰজত জয়ন্তী বৰ্ষৰ সময়তে সংগঠনটোৰ প্ৰতি ভালপোৱা আৰু শ্ৰদ্ধা জনাই দৌৰি উৎসৱথলীলৈ যোৱাৰ সিদ্ধান্ত ল’লো । দ্বীপন চাওৰাই লগত আটছাৰ এখন পতাকাও কঢ়িয়াই নিছিল ।

দিব্যজ্যোতি শইকীয়া

You might also like