চোৰাং কাঠ সৰবৰাহ কৰাৰ অভিযোগত ৰুণীখাটা ৰেঞ্জ অফিচৰ চালকক গ্ৰেপ্তাৰ
নিয়মীয়া বাৰ্তা, ১১ আগষ্টঃ বিগত কেইটামান দিনত চিৰাং জিলা আৰক্ষীয়ে চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। অতি কম দিনৰ ব্যৱধানত চিৰাং আৰক্ষীয়ে আজি অন্য এক বৃহৎ সফলতা লাভ কৰিবলৈ সমৰ্থ হৈছে। জিলা খনৰ ৰুণিখাটা আৰক্ষী থানাৰ অন্তৰ্গত একাধিক স্থানত কালি নিশাৰ পৰা আজি দিনৰ ১০ বজালৈ চোৰাং কাঠ সৰবৰাহকাৰীৰ বিৰুদ্ধে চলোৱা অভিযানত তিনিখন চোৰাং কাঠ ভৰ্তি বাহন জব্দ কৰাৰ লগতে বন বিভাগৰ চৰকাৰী গাড়ী চালক এজনকো চোৰাং কাঠ সৰবৰাহত জড়িত থকাৰ অপৰাধত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি গোচৰ ৰুজু কৰিছে। চিৰাং জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে আজি সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে বিশেষ সূত্ৰে লাভ কৰা তথ্যৰ আধাৰত ৰুণিখাটা চক্ৰ আৰক্ষী বিষয়া ৰুস্তমৰাজ ব্ৰহ্মৰ নেতৃত্বত বেংতল উপ আৰক্ষী চকীৰ আৰক্ষীবাহিনীয়ে ১২ ঘন্টাৰ ভিতৰত অভিযান চলাই এই সফলতা লাভ কৰে। আজি দিনৰ প্ৰায় ১০ বজাত ৰুণিখাটা থানাৰ অন্তৰ্গত অন্থাইবাৰী গাঁৱৰ প্ৰয়াত ছুলেমন মুছাহাৰীৰ পুত্ৰ তথা ৰুণিখাটা ৰেঞ্জৰ বন বিভাগৰ চৰকাৰী গাড়ী চালক মতিলাল মুছাহাৰীক(৪৮) আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে চালক জনৰ বাসগৃহৰ পৰা অবৈধ ভাৱে মজুত ৰখা বৃহৎ পৰিমাণৰ চোৰাং কাঠ আৰু এখন ট্ৰেক্টৰ জব্দ কৰি ৰুণিখাটা থানাত ৫৭/২০২০ নম্বৰত ভাৰতীয় দণ্ড বিধি আইনৰ ধাৰা ৩৭৯/৩০৬ত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে । তাৰ পূৰ্বে কালি নিশাৰ ভাগতে বেংতল উপ আৰক্ষী চকীৰ অন্তৰ্গত দোমগাঁৱত অভিযান চলাই টাটা ডি আই নম্বৰ AS 19C/4947ত ৬২ টুকুৰা মিলত কটা কাঠ আৰু নম্বৰ প্লেট বিহীন টাটা ডি আই চেছিচ নং-T052WZ8 20421 ইঞ্জিন নং-GDWZ872992 খনত ২৬ টুকুৰা মূল্যৱান কাঠ জব্দ কৰি একেখন থানাত ৫৬/২০২০ নম্বৰত ভাৰতীয় দণ্ড বিধি আইনৰ ধাৰা ৩৭৯/R/W section 40/41AFR Act.ত এটা গোচৰ ৰুজু কৰিছে। বন বিভাগৰ চৰকাৰী গাড়ী চালক এজন এনেদৰে অবৈধ চোৰাং কাঠ সৰবৰাহত জড়িত থকাৰ অপৰাধত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা কাৰ্যই চিৰাং জিলাত একাংশ বন বিভাগৰ কৰ্মচাৰী জড়িত থকাৰ অভিযোগ সত্য প্ৰমাণিত হৈছে। জিলাৰ প্ৰকৃতি প্ৰেমী ব্যক্তি-সংগঠনে চিৰাং আৰক্ষীৰ অভিযানত সন্তুষ্টি প্ৰকাশ কৰিছে লগতে এনে অভিযান অব্যাহত ৰাখিবলৈও আহ্বান জনাইছে।।