নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাগীৰোডত বিজেপিৰ বিশাল যোগদান কাৰ্যসূচী

নিয়মীয়া বাৰ্তা,  ১১ আগষ্টঃ জাগীৰোডৰ কলামন্দিৰত আজি অনুষ্ঠিত হয় বিজেপিৰ বিশাল যোগদান কাৰ্যসূচী ৷ উক্ত কাৰ্যসূচীত ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাৰ উপস্থিতিত কংগ্ৰেছ, অগপ, তিৱা ছাত্ৰ সন্থা আৰু ছাত্ৰ সন্থাৰ লগতে অন্যান্য দল সংগঠনৰ প্ৰায় ৬২৭ গৰাকী নেতা-কৰ্মীয়ে যোগদান কৰে গেৰুৱা দলত ৷ যোগদান কাৰ্যসূচীত ভাষণ প্ৰসংগত মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে ২০২১ চনৰ বিধানসভা নিৰ্বাচনত বিজেপি দলেই পুনৰ চৰকাৰ গঠন কৰিব ৷ জাগীৰোডত ৰূপায়ন কৰা বিভিন্ন উন্নয়নমূলক আচনিৰ খতিয়ান দাঙি ধৰি মন্ত্ৰীগৰাকীয়ে কয় যে বিজেপি দল পূৰ্বতকৈ অধিক শক্তিশালী হৈছে ৷

আনহাতে যোগদান অনুষ্ঠানৰ পিছতে সাংবাদিকৰে হোৱা বাৰ্তালাপত কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী পীযূষ হাজৰিকাই ৷ তেওঁ কয় যে, সমগ্ৰ অসমতে এতিয়া আছুৰ পৰা আহি বিজেপিত যোগদানৰ জোৱাৰ উঠিছে ৷ গতিকে আছুৰ নেতৃত্বত গঠন হবলগীয়া দল অতি নিশকতীয়া হব ৷ সেই দলে বিজেপিৰ সৈতে যুঁজিব নোৱাৰে ৷ আনহাতে অসমৰ ৭০ টা সংগঠনত ৭০ গৰাকী ব্যক্তিহে আছে ৷ এনেকুৱা সংগঠনো আছে যত দুই তিনিজন ব্যক্তি আছে ৷ সেয়ে ৭০ টা সংগঠনক আমি ভয় নাখাও ৷ আনহাতে সমগ্ৰ ৰাজ্যতে বিতৰ্কৰ সৃষ্টি হোৱা জুবিন গাৰ্গ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ৷ ৰাজপথত আন্দোলন কৰিলেই নহব ৷ জুবিনে উচিত সময়ত উচিত সিদ্ধান্ত লৈছে বুলি উল্লেখ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ৷ উক্ত যোগদান সভাত জাগীৰোড সমষ্টিৰ অন্তৰ্গত জাগীৰোড মণ্ডলৰ সভাপতি প্ৰবীন মেধি, জাগীভকতগাওঁ মণ্ডলৰ সভানেত্ৰী মল্লিকা বৰদলৈ, মায়ং মণ্ডলৰ সভাপতি চন্দন দাসৰ লগতে বিজেপিৰ জ্যেষ্ঠ নেতা-কৰ্মী উপস্থিত থাকে

You might also like