নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰীভাৱে পালন কৰা হ’ব শংকৰদেৱৰ জন্মোৎসৱ

নিয়মীয়া বাৰ্তা, ৭ ফেব্ৰুৱাৰীঃ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল বৃহস্পতিবাৰে শংকৰদেৱ সংঘৰ অধিৱেশনত উপস্থিত হৈ ভকত–বৈষ্ণৱক সেৱা জনাই প্রায় ১৭ মিনিটৰ ভাষণত মহাপুৰুষজনাৰ গুণানুকীর্তনত মুখৰ হৈ পৰে৷

তেওঁ ভাষণ প্রসংগত কয় যে অসমীয়া জাতি গঠন প্রক্রিয়াত শ্রীমন্ত শংকৰদেৱৰ অৰিহণা অপৰিসীম৷ গুৰুজনাই ভক্তিৰ জৰিয়তে অসমীয়া সমাজক শক্তিশালী হোৱাৰ ক্ষেত্রত প্রেৰণা যোগাই আহিছে৷ সেয়েহে প্রথমবাৰৰ বাবে মহাপুৰুষজনাৰ ৫৭২ সংখ্যক আৱির্ভাৱ তিথি চৰকাৰীভাৱে প্রতিখন জিলাত পালন কৰা হ’ব বুলি ঘোষণা কৰে আৰু অনাগত দিনতো মহাপুৰুষজনাৰ সৃষ্টিৰাজিক বিশ্বত জিলিকাই তুলিবৰ বাবে অসম চৰকাৰ দায়বদ্ধ বুলি প্রকাশ কৰে৷

এই সভাতে সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে শ্রীমন্ত শংকৰদেৱৰ জন্মোৎসৱৰ দিনটো ৰাষ্ট্রীয় বন্ধ ঘোষণাৰ বাবে কেন্দ্রৰ লগত আলোচনা কৰি ব্যৱস্থা ল’বলৈ আহ্বান জনায় ৷

You might also like