নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰী আঁচনিসমূহৰ সু–পৰিচালনাৰ মূল দায়িত্ব জিলা প্রশাসন কর্মচাৰীসকলৰ: ৰূপক শর্মা

নিয়মীয়া বাৰ্তা ২৮ ডিচেম্বৰঃ নগাঁৱত দুদিনীয়া কার্যসূচীৰে অনুষ্ঠিত সদৌ অসম জিলা প্রশাসন কর্মচাৰী সন্থাৰ একাদশ দ্বি–বার্ষিক অধিৱেশনৰ দেওবাৰে সামৰণি পৰে৷ নগাঁও জিলা প্রশাসন কর্মচাৰী সন্থাৰ উদ্যোগত নগাঁৱৰ খগেন মহন্ত প্রেক্ষাগৃহত অনুষ্ঠিত অধিৱেশনৰ আজি অন্তিম দিনাৰ কার্যসূচী অনুসৰি পুৱা বিষয় বাছনি সভা অনুষ্ঠিত হয়৷ দুপৰীয়া সন্থাৰ কেন্দ্রীয় সভাপতি হৰিচন্দ্র বৰুৱাৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়৷ বৰগীতেৰে আৰম্ভ হোৱা মুকলি সভাত সমৱেত সংগীত পৰিৱেশন কৰে নগাঁও জিলা উপায়ুক্ত কর্মচাৰী সন্থাৰ শিল্পীসকলে৷

অধিৱেশন উদ্যাপন সমিতিৰ সম্পাদক পৱিত্র লাডুৰে আঁত ধৰা মুকলি সভাখনত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শর্মাই কয়– নগাঁও হৈছে গুৰুজনাৰ জন্মভূমি৷ ইয়াত কু–শাসন ব্যৱস্থাৰ স্থান নাই৷ নিকা প্রশাসনৰ ওপৰত এখন চৰকাৰৰ ভাবমূর্তি নির্ভৰ কৰে বুলি উল্লেখ কৰি পুনৰ কয়–চৰকাৰী আঁচনিসমূহৰ সু–পৰিচালনাৰ মূল দায়িত্ব জিলা প্রশাসন কর্মচাৰীসকলৰ৷ ক’ভিড–১৯ৰ দৰে এক জটিল পৰিস্থিতিৰ ক্ষেত্রত অসমৰ স্থান উল্লেখনীয় হোৱাৰ ক্ষেত্রত জিলা প্রশাসন কর্মচাৰীৰ ভূমিকা অধিক আছিল বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে৷ উক্ত সভাত নগাঁও জিলা উপায়ুক্ত কবিথা পদ্মনাভন, জিলা উন্নয়ন আয়ুক্ত হেমন্ত ভূঞা, অতিৰিক্ত উপায়ুক্ত ক্রমে লাচিত দাস, দ্যুতিভা বৰাকে ধৰি বহুকেইগৰাকী সন্থাৰ নেতৃবর্গ উপস্থিত থাকে৷ উক্ত সভাতে অধিৱেশন উপলক্ষে প্রস্তুত কৰা স্মৃতিগ্রন্থ ‘কলংপাৰৰ ৰেঙনি’ উন্মোচন কৰা হয়৷

উল্লেখ্য যে পুৱা অনুষ্ঠিত বিষয়বাছনি সভাত গণতান্ত্রিক পদ্ধতিৰে গোপীনাথ দত্তক সভাপতি আৰু ৰঞ্জন ৰাইদঙীয়াক সাধাৰণ সম্পাদক হিচাপে লৈ এখন শক্তিশালী কার্যনির্বাহক সমিতি গঠন কৰা হয়৷

You might also like