চৰকাৰী সুবিধাৰ পৰা বঞ্চিতঃ মৰিয়নি পৌৰসভাৰ চাফাই কৰ্মীৰ উত্তাল প্ৰতিবাদ
নিয়মীয়া বাৰ্তা, ২ মে: মৰিয়নি পৌৰসভাৰ চাফাই কৰ্মীসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আজি চাফাই কৰ্মীসকলে এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে । মৰিয়নি পৌৰসভাৰ কাৰ্য্যালয়ৰ সন্মুখত আজি বিয়লি তেওঁলোকে এক ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে । মৰিয়নি পৌৰসভাৰ লগতে চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত হোৱা এইসকল প্ৰতিবাদকাৰীয়ে নিজৰ দাবীৰ সমৰ্থনত বিভিন্ন শ্ল’গান দি পৰিবেশ উত্তাল কৰি তোলে । এই প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি সদৌ অসম চাফাই কৰ্মী সন্থাৰ ৰাজ্যিক সভাপতি ভীম বাছফৰে কয়- মৰিয়নি নগৰৰ উন্নয়ন কৰিব নোৱাৰাৰ বাবেই মৰিয়নিৰ ৰাইজে নিৰ্দলীয় প্ৰাৰ্থীক জয়ী কৰাইছে । বিজেপি বা কংগ্ৰেছ দলৰ প্ৰাৰ্থীক জয়ী কৰোৱা নাই । তেওঁলোকে চাফাই কৰ্মীসকলৰ কথা এবাৰলৈও ভাবি নাচায় । ক’ভিড সৃষ্ট পৰিবেশত দিনে ৰাতিয়ে চাফাই কৰ্মীসকলে নিজৰ কাম কৰি গৈছিল কিন্তু বিনিময়ত চৰকাৰে সামান্য সুবিধাও প্ৰদান নকৰিলে । তেওঁ লগতে কয়- শ্ৰমিক আইনৰ নিয়ম অনুসৰি মৰিয়নি পৌৰসভাৰ চাফাই কৰ্মীসকলে আজিও দৰমহা লাভ কৰা নাই ।
চাফাই কৰ্মীসকলক ন্যুন্যতম ৯৬০০ টকা মাহিলী দৰমহা দিব লাগে যদিও মৰিয়নি পৌৰসভাই মাত্ৰ ৪০০০ টকাহে প্ৰদান কৰি আহিছে যাৰ ফলত শ্ৰম আইন ভংগ কৰিছে বুলি তেওঁ লগতে মন্তব্য কৰে । চাফাই কৰ্মী সন্থাৰ ৰাজ্যিক সভাপতিগৰাকীয়ে তাৎপৰ্যপূৰ্ণ ভাৱে কয়- অসম চৰকাৰে দলিত ৰাজনীতি কৰিছে । চৰকাৰক এনে নকৰিবলৈ সকিয়াই দি অন্যথা চাফাইৰ কাম বন্ধ হৈ পৰিব বুলিও মন্তব্য কৰে । আনহাতে, প্ৰসংগক্ৰমে তেওঁ দহ বছৰৰ পুৰনি কৰ্মীক স্থায়ী নিযুক্তি দিবলৈও দাবী জনায় । প্ৰতিবাদী কাৰ্য্যসূচীত চাফাই কৰ্মী সন্থাৰ যোৰহাট জিলাৰ সভাপতি গোপাল বাছফৰ, মৰিয়নিৰ সভাপতি ৰাজা বাছফৰ আদিও উপস্থিত থাকে । উল্লেখযোগ্য যে, আজি প্ৰতিবাদকাৰীসকলে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে । তেওঁলোকে অভিযোগ কৰি কয় – বিগত প্ৰায় আঠ মাহৰ পৰা চাফাই কৰ্মীসকলৰ দৰমহা মাত্ৰ দুহেজাৰকৈহে দি আহিছে । দুহেজাৰ টকাৰে পৰিয়াল চলিব নোৱাৰে বুলি উল্লেখ কৰি চাফাই কৰ্মীসকলে দৰমহা বৃদ্ধি কৰিবলৈ দাবী জনায় ।
আনহাতে, চাফাই কৰ্মীসকলৰ বাবে আজিলৈকে এডোখৰ স্থানৰ যোগাৰ কৰিব নোৱাৰিলে বুলিও অভিযোগ ডাঙি ধৰে । এইসকল চাফাই কৰ্মী দীৰ্ঘদিন ধৰি ৰে’লৱেৰ মাটিত বসবাস কৰি থকাৰ পৰিপ্ৰেক্ষিতত চৰকাৰী বিভিন্ন সা সুবিধাৰ পৰা তেওঁলোক বঞ্চিত হৈ আহিছে । সেয়েহে এডোখৰ মাটিৰ ব্যৱস্থা কৰিবলৈও চৰকাৰক দাবী জনায় । এই দাবীসমূহ শীঘ্ৰেই সমাধান নকৰিলে চাফাই কৰ্মীসকলে সকলো কাম বন্ধ কৰি দিব বুলিও লগতে সকিয়াই দিয়ে ।