চৰাইদেউ পৰিবহণ বিভাগৰ পাঁচ কোটি টকাৰো অধিক ৰাজহ সংগ্ৰহ
নিয়মীয়া বাৰ্তা, ১ এপ্ৰিলঃ নৱ গঠিত চৰাইদেউ জিলা পৰিবহণ বিষয়া ৰাজীৱ চন্দ্ৰ বৰদলৈৰ ঐকান্তিক প্রচেষ্টাৰ বাবেই চৰাইদেউ জিলাত চলিত বিত্তীয় বৰ্ষৰ কালি অন্তিম দিনটোৰ ভিতৰত অভিলেখ সংখ্যক ৫ কোটি ৮৮ লাখ ৮৪ হাজাৰ ৫৩৪ টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হয় । চৰাইদেউ জিলাখন উজনি অসমৰ তেনেই এখন সৰু জিলা । জিলাখনত ব্যক্তিগত বাহনৰ বাহিৰে আন বাহন অতি কম । তাৰ পাছতো জিলা পৰিবহণ বিভাগে ৫ কোটিৰো অধিক ৰাজহ সংগ্ৰহ কৰি চৰকাৰী ৰাজহ বৃদ্ধি কৰাত বিশেষ ভূমিকা পালন কৰে । ফলত ৰাজ্য চৰকাৰৰ পৰিবহণ বিভাগৰ পৰা জিলা পৰিবহণ বিভাগে প্রশংসা বুটলিবলৈ সক্ষম হয় ।
উল্লেখ্য যে অসম চৰকাৰে চলিত বিত্তীয় বৰ্ষত ৰাজহ বৃদ্ধি কৰিবলৈ বিভিন্ন বিভাগক দায়িত্ব অর্পণ কৰে । সেই অনুসৰি পৰিবহণ বিভাগকো বাহন সমূহৰ অনাদায় ৰাজহ সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিয়ে । ৰাজ্য চৰকাৰৰ নিৰ্দেশ পালন কৰি চৰাইদেউ জিলাৰ পৰিবহণ বিভাগেও চৰকাৰৰ নিৰ্দেশনা অনুসৰি পৰিবহণ ৰাজহ সংগ্ৰহ কৰাৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰে ।
প্ৰেৰক- দীপাংকৰ পাল, সোণাৰি