নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছমৰীয়াত লাচিত সেনা অসম সুৰক্ষা বাহিনীৰ সাধাৰন সভা

 

  • বকো আঞ্চলিক সমিতি আৰু কামৰূপ জিলা সমিতি গঠন

নিয়মীয়া বাৰ্তা;১২ মাৰ্চ:-কামৰূপ জিলাৰ বকো বিধানসভা সমষ্টিৰ ছমৰীয়া সত্ৰৰ ৪০ নং ছমৰীয়া প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গনত দেওঁবাৰে অনুষ্ঠিত হয় এখনি সাধাৰন সভা।এই সাধাৰন সভাত পুৱাৰ ভাগত লাচিত সেনা অসম সুৰক্ষা বাহিনীৰ বকো আঞ্চলিক সমিতি নামেৰে এখনি পূৰ্নাংগ সমিতি গঠন কৰা হয়।এই সভাত উপস্থিত থাকে লাচিত সেনা অসম সুৰক্ষা বাহিনীৰ মুখ্য সচিব গগন কলিতা আৰু সাংগঠনিক সম্পাদক সঞ্জীৱ দাস।উক্ত সভাত আলোচনামৰ্মে গঠন কৰা বকো আঞ্চলিক সমিতিৰ সভাপতি নয়ন দাস;উপ সভাপতি বুবুল কলিতা;কাৰ্যকৰী সভাপতি প্ৰশান্ত বৰা; সম্পাদক বিকাশজ্যোতি কলিতা; সহকাৰী সম্পাদক উৎপল দাস, সঞ্জীৱ দাস; বিত্ত সম্পাদক দীপজ্যোতি চৌধুৰী;প্ৰচাৰ সম্পাদক বিতোপন মজুমদাৰ,দীপাংকৰ বসাক;সাংস্কৃতিক সম্পাদক ধীমান ভৰালী,কংকন দাস;সেৱা বিভাগত ৰক্তিম দাস,লৱ মহন্ত;খেল সম্পাদক বিশ্বজিৎ মহন্ত,জিতু বৰা;কাৰ্যালয় সম্পাদক বব্ৰু বৈশ্য,বীৰাজ মহন্ত;সদস্য হিচাপে পিংকু কলিতা,শশাংক তালুকদাৰ,শচীন্দ্ৰ কলিতাক দ্বায়িত্ব অৰ্পন কৰা হয়।সভাত মুখ্য সচিব গগন কলিতাই ভাষন প্ৰসংগত কয় যে আমি সদায় দুৰ্নীতিৰ বিৰূদ্ধে,অবৈধ প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে আৰু কাম কৰিব লাগিব।আমি সকলোৱে একেলগ হৈ থাকিলে হে সংগঠন মজবুত হব।ইয়াৰ পিছতে লাচিত সেনা অসম সুৰক্ষা বাহিনীৰ কামৰূপ জিলা সমিতিৰ নতুন সমিতি গঠন কৰাৰ বাবে এখন সাধাৰন সভা অনুষ্ঠিত কৰা হয়।এই সভাত উপস্থিত থাকে লাচিত সেনাৰ উপ সভাপতি বানীকান্ত মেধি,শিৱপ্ৰসাদ দাস।আজিৰ সভাত আলোচনা মৰ্মে গঠন হোৱা কামৰূপ জিলা সমিতি খনৰ সভাপতি হিচাপে দ্বিতীয়বাৰলৈ নিৰ্বাচিত হয় অনুপম শালৈ;কাৰ্যকৰী সভাপতি মাধৱ দৈমাৰী;উপ সভাপতি কৃষ্ণ বৰগোহাই;সাধাৰন সম্পাদক সঞ্জীৱ দাস;সহ: সাধাৰন সম্পাদক নিজাম হক;সাংগঠনিক সম্পাদক পংকজ শালৈ,নয়ন মালী,প্ৰভাত দাস;প্ৰচাৰ সম্পাদক সঞ্জীৱ দাস(ছমৰীয়া),পংকজ ৰাজবংশী;কাৰ্যনিৰ্বাহক সদস্য কুমুদ বৈশ্য,নয়ন দাস,বিকাশজ্যোতি কলিতা,বুবুল কলিতা,উৎপল দাস,প্ৰশান্ত বৰাক দ্বায়িত্ব অৰ্পন কৰা হয়।সভাত কামৰূপ জিলাৰ নৱনিযুক্ত সভাপতি অনুপম শালৈ দেৱে ভাষন প্ৰসংঙ্গত বকোৰ বিধায়িকা নন্দিতা দাসক চোকা সমালোচনা কৰে। তেওঁ কয় যে আমাৰ বকোৰ বিধায়িকা নন্দিতা দাসে যদি সদায় বংগীয় মুছলমানৰ হাতত হাত ধৰি নাছে,তেওঁ কেতিয়াও বুকু ডাঠি কব নোৱাৰিব যে তেওঁ খিলঞ্জীয়া।

 

 

You might also like