ছয়গাঁৱত ‘AAINA’ ৰ খাদ্য সামগ্ৰী বিতৰণ
নিয়মীয়া বাৰ্তা, ১৩ এপ্ৰিলঃ Assam Information & Awareness Organization (AAINA Org)ৰ এক ক্ষুদ্ৰ প্ৰয়াস, ক’ভিড-১৯ ৰ সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত ভাৰত চৰকাৰে বিশেষ সতৰ্কতা অৱলম্বন কৰি লকডাউন ঘোষণা কৰাত কোনোধৰণৰ কাম কৰিব নোৱাৰি ঘৰতে আবদ্ধ হৈ দুবেলা দুমুঠিৰ চিন্তা কৰি থকা ছয়গাঁৱৰ ভিতৰুৱা অঞ্চলৰ দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা হয় । কুশল দাসৰ নেতৃত্বত ছয়গাঁৱৰ ভিতৰুৱা অঞ্চলৰ আৰ্থিক ভাৱে দুৰ্বল কমেও ৭৫ টা পৰিয়ালক ঘৰে ঘৰে গৈ কিছু খাদ্য সামগ্ৰীৰ যোগান ধৰা হয়।
লকডাউনৰ বাবে দৰিদ্ৰ লোকসকলৰ মাজত খাদ্য সামগ্ৰীৰ বাবে হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ সময়তে তেওঁলোকে গ্ৰহণ কৰা এই প্ৰচেষ্টাক অঞ্চলটোৰ ৰাইজে শলাগ লয় ।