ছিপাঝাৰত গ্ৰেপ্তাৰ দুই বাংলাদেশী
নিয়মীয়া বাৰ্তা , ৩১ডিচেম্বৰ: বিদেশী ন্যায়াধীকৰণে বিদেশী বুলি চিনাক্ত কৰি গ্ৰেপ্তাৰৰ চমন দিয়া দুজনকৈ বাংলাদেশীক ছিপাঝাৰত গ্ৰেপ্তাৰ কৰিছে সীমান্ত আৰক্ষীয়ে। চাৰি বছৰ পূৰ্বেই বিদেশী ন্যায়াধীকৰণে বাংলাদেশী বুলি চিনাক্ত কৰা দূয়োজন লোককে গ্ৰেপ্তাৰ কৰা হৈছে ছিপাঝাৰৰ চৰ অঞ্ছলৰ পৰা। উল্লেখযোগ্য যে ২০১৭বৰ্ষতে বিদেশী ন্যায়াধীকৰণে বিদেশী বুলি চিনাক্ত কৰা ক্ৰমে ছিপাঝাৰৰ চৰ অঞ্ছলৰ বৰবাৰীৰ সাইজুদ্দীন আহমেদ আৰু ৩নং ধলপুৰৰ ওচমান আলীক নিশা সীমান্ত শাখাৰ আৰক্ষীয়ে ছিপাঝাৰ থানাৰ সহযোগত গ্ৰেপ্তাৰ কৰে। ধৃত দুয়োজনৰ বিৰুদ্ধে ক্ৰমে ৪১৪/১৭ আৰু ৫১৪/১৭নম্বৰত বিদেশী ন্যায়াধীকৰণত ৰুজো হৈ আছে গোচৰ।সীমান্ত আৰক্ষী বাহিনীয়ে দূয়োকে গ্ৰেপ্তাৰ কৰি সম্প্ৰতি তেজপুৰৰ ট্ৰেনজিষ্ট কেম্পলৈ প্ৰেৰণ কৰিছে। চৰত দুটাকৈ এনেদৰে বাংলাদেশী গ্ৰেপ্তাৰ হোৱা ঘটনাই স্বাভাৱিকতে সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ।ইফালে ধৃত দুয়োগৰাকীয়েই বিগত সময়ত বিদেশী ন্যায়াধীকৰণৰ কোনো জাননী লাভ কৰা নাই বুলি প্ৰকাশ কৰাৰ লগতে নিশা শোৱাপাটীৰ পৰা গ্ৰেপ্তাৰ কৰি অনা বুলি প্ৰকাশ কৰিছে। আনহাতে নথিপত্ৰও থকা বুলি দাবী কৰিছে।