ছিপাঝাৰত দুমহীয়া আলোচনী অনুভৱ উন্মোচন
নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰীঃ উঠি অহা ছাত্র–ছাত্রীৰ মাজত ছপা মাধ্যমৰ প্রতি ক্রমাৎ উদাসীনতাই গা কৰি উঠাৰ সময়তে ছিপাঝাৰত এগৰাকী প্রাথমিক বিদ্যালয়ৰ শিক্ষকৰ প্রচেষ্টাত গ্রহণ কৰা হৈছে ব্যতিক্রম প্রচেষ্টা৷ মূলতঃ ছাত্র–ছাত্রীসকলক লিখা আৰু পঢ়াৰ ক্ষেত্রত আগ্রহী কৰি তোলাৰ প্রয়াসেৰে দুমহীয়া আলোচনী ‘অনুভৱ’ প্রকাশৰ ব্যৱস্থা কৰাৰ লগতে ‘কুঁহিপাত’ শীর্ষক হাতেলিখা আলোচনী এখনো উন্মোচন কৰা হয়৷ ‘অনুভৱ’ উন্মোচন কৰি সর্বশিক্ষা অভিযান মিছনৰ দৰং জিলা আঁচনি বিষয়া হেমপ্রভা ডেকাই সাম্প্রতিক পৰিৱেশত এনেধৰণৰ আলোচনীৰ প্রাসংগিকতা ব্যাখ্যা কৰাৰ লগতে নতুন প্রজন্মক এই প্রয়াসে বিশেষভাৱে উৎসাহিত কৰিব বুলিও আশা কৰে৷ আনহাতে, হাতেলিখা আলোচনী ‘কুঁহিপাত’ আনুষ্ঠানিকভাৱে উন্মোচন কৰি মঙলদৈ নগৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্রী আলম আৰা বেগমে এনেধৰণৰ প্রয়াসৰ পৰাই গৈ পৰৱর্তী সময়ত ভাল লেখক সৃষ্টি হ’ব পাৰিব বুলি আশা কৰে৷
উল্লেখ্য যে হাজৰিকাপাৰা সাহিত্য সভাৰ সভাপতি শিৱপ্রসাদ শর্মাৰ সভাপতিত্বত অনুষ্ঠিত আৰু বৰদৌলগুৰি সাহিত্য সভাৰ সম্পাদক ৰিংকুমণি নাথে আঁত ধৰা অনুষ্ঠানত এ আই চিৰ কার্যবাহী বিষয়া নিতুমণি কলিতাই প্রাচীৰ পত্রিকা এখনো উন্মোচন কৰে৷ অনুষ্ঠানত উপস্থিত থাকে ছিপাঝাৰৰ খণ্ড প্রাথমিক শিক্ষা বিষয়া গীতা দেৱী, সাংবাদিক গগণ কুমাৰ নাথ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ ধ্রুৱজ্যোতি চহৰীয়া, সাংবাদিক ৰঞ্জিত কুমাৰ নাথ, জিলা আঁচনি বিষয়া গোবিন্দ শইকীয়া, সৌৰভজ্যোতি দেৱ শর্মা, প্রবক্তা ড০ মণ্টু হাজৰিকা, ছিপাঝাৰ শিক্ষা খণ্ডৰ গাণনিক দীপক কুমাৰ ডেকাকে ধৰি কেইবাগৰাকী লোকে অনুষ্ঠানৰ লগত সংগতি ৰাখি শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়৷ ইফালে, ধীৰাজ কুমাৰ কলিতা, কৰবী দাস, হিৰুমণি নাথ, কমল কুমাৰ ডেকাই সংগীত, গায়ত্রী নাথৰ দল আৰু অনন্যা শইকীয়াই নৃত্য, পল্লৱী ডেকা, দিলীপ বর্মন, জয়ন্ত শইকীয়া, অর্চনা নন্দিতা শর্মা, পার্থপ্রতিম চহৰীয়া, দিব্যজ্যোতি ডেকা, প্রবীণ কলিতা, দিলীপ ডেকা, দিব্যজ্যোতি ৰাজবংশী, দীপাংকৰ চহৰীয়া আৰু ধ্রুৱজ্যোতি কৌশিকে কবিতা পাঠ কৰে৷ উল্লেখ্য যে দুমহীয়াকৈ প্রকাশ পাবলগীয়া ‘অনুভৱ’ৰ প্রতিটো সংখ্যাতেই থাকিব একোগৰাকী অতিথি সম্পাদক৷ এগৰাকী শিক্ষকৰ ব্যক্তিগত প্রচেষ্টাত গঢ় লোৱা এই পদক্ষেপৰ শলাগ লৈছে সকলোৱে৷