নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিপাঝাৰৰ পৰা সংগ্রহ ধূমকেতুৰ বিৰল আলোকচিত্র

নিয়মীয়া বাৰ্তা, ২০ জুলাইঃ  পৃথিৱী অভিমুখে ধাৱবান এটা ধূমকেতু৷ চলিত বছৰৰ ২৭ মার্চত জ্যোতির্বিজ্ঞানী এদলেNEOWISE SPACE TELESCOPEযোগে ধৰা পেলাইছিল এই তথ্য৷ পিছলৈ ‘নাছা’কে ধৰি বিভিন্ন জ্যোতির্বিজ্ঞানীৰ দলে এই ধূমকেতুটোক ইতিমধ্যে নি’ৱাইজ কমেট অথবাC/2020 F3 হিচাপে নামাংকিত কৰিছে৷ প্রায় ৫ কিলোমিটাৰ দৈর্ঘ্যৰ আৰু প্রায় ৬,৭৬৬ বছৰ ইয়াৰ কক্ষপথৰ পৰিভ্রমণ কাল গণনা কৰিছে নি’ৱাইজ ধূমকেতুটোৰ৷

ইতিমধ্যে ২৭ মার্চৰ পৰা ভাৰতত ৩২৩বাৰকৈ উত্তৰ–পশ্চিম কোণত ধূমকেতুটো প্রত্যক্ষ কৰা হৈছে যদিও নিশা পোহৰ প্রতিবাধা অথবা মুকলি আকাশত ভিন্ন বাধাৰ বাবে সুন্দৰকৈ আলোকচিত্র সংগ্রহ সম্ভৱ হোৱা নাছিল৷ কিন্তু মঙলদৈৰ এগৰাকী যুৱকে ১৭ জুলাইৰ সন্ধিয়া ৭.১০ বজাত ছিপাঝাৰ হাতীমূৰীয়াৰ পৰা সংগ্রহ কৰে বিৰল আলোকচিত্র৷ মঙলদৈ ২নং বামুণপাৰাৰ যুৱক গৌতম স্বৰাজ ডেকাসহ এটা দলে নি’ৱাইজৰ ২৪০খন আলোকচিত্র সংগ্রহ কৰে৷ মাত্র ১০ ছেকেণ্ডত সংগ্রহ কৰা এই আলোকচিত্রৰ মাজৰে কিছু আলোকচিত্রৰ সংযোজনত গৌতমে এটা ভিডি’ নির্মাণ কৰিছে৷ গৌতমৰ এই আলোকচিত্রসহ ভিডি’ খোদ ৰাষ্ট্রীয় পর্যায়ৰ কেইবাটাও অনুসন্ধিৎসু দলৰ আকর্ষণৰ কেন্দ্রবিন্দু হৈ পৰাই নহয় প্রচাৰো কৰিছে৷ লক্ষণীয় যে ২৩ জুলাই পর্যন্ত নি’ৱাইজক ভাৰতৰ পৰা প্রত্যক্ষ কৰিব পৰা যাব বুলি হায়দৰাবাদস্থিত বি এম বিৰলা বিজ্ঞান কেন্দ্রৰ সঞ্চালক ড০ বিজি সিদ্ধার্থে প্রকাশ কৰিছে৷ একেদৰে পৃথিৱীৰ পৰা নূ্যনতম দূৰত্ব হিচাপে ১০৩ মিলিয়ন মাইল দূৰেৰে ২৪ জুলাইত নি’ৱাইজ পাৰ হৈ যাব৷ আগন্তুক প্রায় ৬,৮০০ বছৰলৈ নি’ৱাইজ আৰু পৃথিৱীৰ ওচৰ নাচাপে৷ যাৰ বাবে কেৱল অসম মুলুকেই নহয়, ভাৰতৰ তথা বিশ্বৰ বিভিন্ন জ্যোতির্বিজ্ঞানৰে জডিতসকলৰ মাজত তুমুল আগ্রহে দেখা দিছে৷

স্বয়ং নাছাই ইয়াৰ ছাইটত আৰম্ভ কৰিছে লাইভ আপডেট৷ বিশ্বৰ বাবে কোনো ধৰণৰ ক্ষতিৰ সম্ভাৱনা নথকা ধূমকেতুটো খালী চকুৰে সন্ধিয়া ৭ বজাৰ পৰা উত্তৰ পশ্চিম দিগন্তত মাত্র ২০–২৫ মিনিট নিৰীক্ষণ কৰিলেই সৌভাগ্যৱান এলেকাৰ লোকে প্রত্যক্ষ কৰাৰ সুযোগ লাভ কৰিব পাৰে৷ মন কৰিবলগীয়া যে ২০০৭ চনৰে পৰা মঙলদৈৰ গৌতম ডেকাই মহাকাশ সম্পর্কীয় আলোকচিত্র সংগ্রহ কৰি আহিছে৷ বেংক বিষয়াৰ পুত্র গৌতমে বিগত সময়ত চন্দ্রপৃষ্ঠৰ খলাবমা, শুক্র গ্রহৰ বিভিন্ন স্থান, ৰেহৰূপসহ চন্দ্রগ্রহণ অথবা সূর্যগ্রহণৰ আলোকচিত্র নিজৰ ঘৰৰ পদূলিতে সংগ্রহ কৰি আহিছে৷ মহাকাশৰ প্রতি নিবিড মায়াৰে পৰিপুষ্ট গৌতমে উচ্চতৰ শাখালৈ মঙলদৈতে বিজ্ঞান শাখাত অধ্যয়ন কৰিছিল আৰু পিছলৈ গুৱাহাটীৰ পৰা স্থপতিবিদ্যাৰহে স্নাতক শিক্ষা সম্পন্ন কৰিছে৷ মনৰ অদম্য হেঁপাহক বাস্তৱায়িত কৰিবলৈ গৌতমে কেইবালাখ টকাৰে কেমেৰা বা লেন্স ক্রয় কৰিছে আৰু সেই পুঁজি সংগ্রহৰ বাবে ৱেডিং ফটোগ্রাফীতো হাত দিছিল৷

দুদিন পূর্বে সংগ্রহ কৰা ধূমকেতুৰ আলোকচিত্রক লৈ অত্যুৎসাহী হৈ পৰাৰ লগতে এই সম্পর্কত কয়– জীৱনত ধূমকেতু দেখা নাছিলোঁ, টিভি অথবা ইণ্টাৰনেটত চাইছিলোঁ৷ কিন্তু ধূমকেতু চোৱাই নহয়, আলোকচিত্র সংগ্রহ কৰি ১৩ বছৰীয়া চেষ্টা আজি সার্থক হ’ল৷ ইপিনে গৌতমৰ সহযোগী গৌতম হাজৰিকা, দিগন্ত ডেকাৰ দলটোও সন্তুষ্ট৷ ৰামধেনু নর্থ–ইষ্ট নামৰ বেচৰকাৰী সংগঠনটোৰ হৈ বিশ্বজিৎ শইকীয়াই গৌতমসহ দলৰ সকলো সদস্যক অভিনন্দন জনোৱাৰ লগতে অসমত এইপর্যন্ত ৪–৫জন লোকে প্রত্যক্ষ কৰা বিষয়টোত সাফল্য লাভ কৰাৰ মাজতে মঙলদৈৰ যুৱকৰ অধ্যৱসায়ক সন্মান জনাইছে৷

You might also like