নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয়গাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ চোৰাং কাঠৰ বিৰুদ্ধে অভিযান; চাইকেল সহ চোৰাং কাঠ জব্দ

নিয়মীয়া বাৰ্তা, ৭ আগষ্ট : পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত বামুণীগাঁও আৰু কুলশী বনাঞ্চলিক কাৰ্যালয়ৰ অধীনস্থ বৃহত্তৰ ৰতনপুৰ,জালুকবাৰী আদি বিভিন্ন অঞ্চলত চোৰাং কাঠ বেপাৰীৰ দৌৰাত্ম্য বৃদ্ধি পোৱাত ছয়গাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা ভীষণ উদ্বিগ্ন হৈ পৰিছে ৷ যাৰ বাবে কিছুদিনৰ পৰা ৰাভা ছাত্ৰ সন্থাই নিশাৰ ভাগত চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে ৷

এই অভিযানত মাজে সময়ে কুলশী বনাঞ্চলিক কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীৰো সহযোগিতা লৈছে ৷ কিছুদিন পূৰ্বে ছয়গাঁও ৰাভা ছাত্ৰ সন্থাই ৭ খন চাইকেলত চোৰাং কাঠ কঢ়িয়াই অনা চাইকেল সহ কাঠ জব্দ কৰি জব্দকৃত কাঠখিনি কুলশী বনাঞ্চলিক কাৰ্যালয়ক চমজাই দিয়ে ৷ ঠিক তেনেদৰে কালি সন্ধিয়া তিনিখন চাইকেলত ফলা কাঠ কঢ়িয়াই নিয়াৰ খবৰ লাভ কৰি ৰাভা ছাত্ৰ সন্থাৰ সদস্য সকলে চাইকেল কেইখনৰ পিচ লোৱাত চোৰাং বেপাৰি কেইজনে কাঠখিন পথৰ ওপৰত পেলাই থৈ পলাই যায় পিচত উক্ত কাঠখিনি আৰছুৰ ৰিহাবাৰীস্থ কাৰ্যালয়লৈ লৈ আহে ৷ ইয়াৰ পিচতেই আৰছুৰ সদস্য সকলে এক গোপন অভিযানত এখন চোৰাং কাঠ কঢ়িওৱা চাইকেলৰ পিচ লোৱাত ফালাঘাটৰ তপন কলিতা নামৰ লোকজনৰ ঘৰত উপস্থিত হয় ৷ তপন কলিতাৰ ঘৰত আৰছুৰ সদস্য সকলে চাইকেল সহ কাঠখিনি জব্দ কৰাৰ লগতে তেওঁৰ ঘৰৰ পিচফালত জমা ৰখা বহু সংখ্যক ফলা কাঠ উদ্ধাৰ কৰে ৷ তপন কলিতাৰ আন এটা ঘৰৰ পৰাও কিছু ফলা কাঠ আৰছুৰ সদস্য সকলে জব্দ কৰে ৷

আৰছুৱে জানিবলৈ দিয়ামতে ফালাঘাট গাঁৱৰ তপন কলিতা নামৰ লোকজনে দীৰ্ঘদিন ধৰি ঘৰৰ পৰাই চোৰাং কাঠৰ ব্যৱসায় চলাই আছিল ৷ আনকি তেওঁৰ ঘৰত কাঠফলা সৰু মেচিন এটা আছে বুলিও আৰছুৱে জানিবলৈ দিয়ে ৷ অৱশ্যে নিশা আৰছুৱে চলোৱা অভিযানত তপন কলিতাৰ পৰা চোৰাং কাঠ জব্দ কৰাৰ সময়তেই তপন কলিতাই পলায়ন কৰে ৷ আনহাতে কাঠফলা মেচিনটোও কৰবাত লুকুৱাই থয় যদিও তাৰ কিছু সামগ্ৰী উদ্ধাৰ কৰে ৷ ইফালে আৰছুৱে নিশা চোৰাং কাঠখিনি জব্দ কৰাৰ পিচত কাঠখিন চমজাই দিবলৈ বামুণীগাঁও বনাঞ্চলিক বিষয়া কুশল দাসক কেইবাবাৰো ফোন কৰাৰ পিচতো ৰেঞ্জাৰ গৰাকীয়ে ফোন ৰিচিপ নকৰিলে বুলি অভিযোগ কৰে ৷ কাঠ জব্দ কৰা ঠাইখিনি বামুণীগাঁও বনাঞ্চলিক কাৰ্যালয়ৰ এলেকা হয় যদিও ৰেঞ্জাৰে ফোন ৰিচিপ নকৰাৰ বাবে অৱশেষত ৰাভা ছাত্ৰ সন্থাই কুলশীৰ ৰেঞ্জাৰক ফোন কৰে ৷ আজি পুৱা কুলশী ৰেঞ্জাৰ ঘটনাস্থলীত উপস্থিত হৈ জব্দকৃত কাঠখিনি চমজাই লয় ৷ আনহাতে আৰছুৱে অভিযোগ কৰামতে উক্ত অঞ্চলৰ কেইবাঠাইতো চোৰাং কাঠৰ ব্যৱসায় চলি থকা চোৰাং কাঠ ব্যৱসায়ীৰ পৰা মাহেকত বামুণীগাঁৱৰ ৰেঞ্জাৰ কুশল দাসে ২০ হেজাৰ টকাকৈ আদায় লয় ৷ ঠিক তেনেদৰে নিশা তপন কলিতাৰ ঘৰত জব্দ কৰা কাঠখিনি চমজাই ল’বলৈ ৰেঞ্জাৰ গৰাকীৰ সাহস নহ’ল বুলি আৰছুৱে প্ৰকাশ কৰে ৷

You might also like