জন্মৰে নহয়, কর্মৰে শ্রেষ্ঠ হয় মানুহ
নিয়মীয়া বাৰ্তা, ১০ ছেপ্টেম্বৰ: এটা ঘৰুৱা সুস্থ পৰিৱেশত শিশু আধ্যাত্মিক শিক্ষাৰে শিক্ষিত হোৱাৰ থল আছে৷ মানুহ জন্মতে শ্রেষ্ঠ নহয়, কর্মৰ দ্বাৰাহে শ্রেষ্ঠ হয়৷ টকা–পইচা থাকিলে মানুহ জ্ঞানী হ’ব নোৱাৰে৷– এই মন্তব্য অসমৰ মুখ্যমন্ত্রীৰ মাতৃ তথা অসম সাহিত্য সভাৰ উপ–সভাপতি মৃণালিনী দেৱীৰ৷
বৃহস্পতিবাৰে কামৰূপ জিলাৰ দৰং কামৰূপ সীমান্তৱর্তী জালুকবাৰী সমষ্টিৰ বেজেৰাৰ সমীপৰ শৰাইঘাট গাঁৱৰ ঐতিহাসিক বাসুদেৱ নামঘৰৰ ৰাজহুৱা সভাগৃহৰ শিলান্যাস কৰে মুখ্যমন্ত্রীৰ মাতৃ তথা অসম সাহিত্য সভাৰ উপ–সভাপতি মৃণালিনী দেৱীয়ে৷
এক গাম্ভীর্যপূর্ণ সভাত মৃণালিনী দেৱীয়ে কয় যে জালুকবাৰী সমষ্টিৰ সকলো ধর্মীয় অনুষ্ঠান পাঁচ বছৰৰ ভিতৰত আটকধুনীয়া হ’ব৷ শৰাইঘাট গাঁৱৰ গণহিতৈষী সমিতিৰ প্রাক্তন সভাপতি শ্রীধৰ নাথে আঁত ধৰা অনুষ্ঠানত বেজেৰা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰাহুল প্রসেনজিৎ গগৈ, অৱসৰপ্রাপ্ত অধ্যক্ষ ড০ চন্দ্রকান্ত গোস্বামী, সমাজকর্মী কিৰণ চন্দ্র কাকতি, মুখ্যমন্ত্রীৰ ব্যক্তিগত সহায়ক প্রাণজিৎ ডেকা, বেজেৰা মণ্ডলৰ সভাপতি দিলীপ ডেকা, সমাজকর্মী বনজিৎ ডেকাসহ শৰাইঘাট গাঁৱৰ ৰাইজ উপস্থিত থাকে৷