নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জন্ম -গোষ্ঠী, ধৰ্ম, কৰ্মৰাজী আৰু ব্যক্তিত্বৰ প্ৰকাশ ভংগীৰ তথ্যভিত্তিক অধ্যয়ন নহ’লে পূৰ্ণাংগ মূৰ্তি বা চিত্ৰ প্ৰস্তত কৰিব নোৱাৰিঃ ড°ৰঞ্জিত বৰুৱা

নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিল: ৰাজ্য জুৰি কাইলৈ উদযাপন হব চুতীয়া জনগোষ্ঠীৰ মহীয়সী ৰাণী,বীৰাংগনা সতী সাধনীক আত্ম বলীদানৰ ৫০০ বছৰীয়া স্মৃতি দিৱস।এই সন্দৰ্ভত নিজৰ তুলিকাত বীৰাংগনা গৰাকীৰ চিত্ৰ অংকন কৰি প্ৰতিকৃতি সৃষ্টিৰে ৰাইজৰ সমাদৰ পাবলৈ সক্ষম হোৱা যশস্বী শিল্প ভাস্কৰ্য শিল্পী ড°ৰঞ্জিত বৰুৱাৰই দীৰ্ঘ বছৰীয়া অভিঞ্জতাৰ ফালৰ পৰা কয়যে,কোনো এটা বিষয় লৈ এখন পূৰ্ণাংগ চিত্ৰ অংকন কৰিবলৈ হ’লে ব্যক্তিগৰাকীৰ জন্ম -গোষ্ঠী,ধৰ্ম,সাজ -পাৰ,কৰ্ম ৰাজি, ব্যক্তিত্ত্বৰ প্ৰকাশ ভংগী বিশেষকৈ তথ্যভিত্তিক অধ্যয়ন নহ’লে এখন চিত্ৰ বা মূৰ্তি প্ৰস্তুত কৰিব নোৱাৰি। সেয়ে যি চিত্ৰ বা মূৰ্তিয়েই নহওক কিয় বিষয়ৰ ওপৰত অধ্যয়ন, ধৈৰ্য আৰু অভিঞ্জ জনৰ পৰামৰ্শ নহ’লে প্ৰকৃত চিত্ৰ বা মূৰ্তি শিল্পীয়ে প্ৰস্তুত কৰিব নোৱাৰি বুলি তেওঁ সদৰি কৰে।ড°বৰুৱাই তুলিকাত চুতীয়া জনগোষ্ঠীৰ বীৰাংগনা সতী সাধনী প্ৰতিকৃতি সৃষ্টিৰ আৰৰ কথা সদৰি কৰি কয় যে,২০১৮ চনত সতী সাধনীৰ এখন (৭×৫)ফুট আকাৰৰ পূৰ্ণাংগ চিত্ৰ অংকন কৰিছিল। লগতে ড°বৰুৱাই জনোৱা মতে তেতিয়াই গোলাঘাটৰ সতী সাধনী কলাক্ষেত্ৰ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী,তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উক্ত কলাক্ষেত্ৰ খন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰিছিল।উক্ত অনুষ্ঠানত গোলাঘাটৰ বিধায়িকা অজন্তা নেওগে অংশগ্ৰহণ কৰি সতী সাধনীৰ উপযুক্ত চিত্ৰ নোহোৱাৰ বাবে উক্ত স্থানত সতী সাধনী মূৰ্তি নিৰ্মাণৰ অসুবিধা হোৱা বুলি প্ৰকাশ কৰে।লগে লগে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উক্ত স্থানত সতী সাধনীৰ ব্ৰঞ্জৰ এটি মূৰ্তি নিৰ্মাণৰ বাবে ৩০লাখ টকাৰ এটি অৰ্থ সাহায্য আগবঢ়াই। পৰবৰ্তী সদৌ অসম চুতীয়া সন্মিলনৰ সভাপতি অমীয় বৰা আৰু বিধায়িকা অজন্তা নেওগে ড°ৰঞ্জিত বৰুৱাক প্ৰথমে এখন বীৰাংগনা সতী সাধনীৰ চিত্ৰ অংকনৰ অনুৰোধ কৰে।সেই মৰ্মেই ড°বৰুৱাই চুতীয়া বুৰঞ্জী অধ্যয়ন কৰি শেষত ক্ষেত্ৰভিত্তিক প্ৰৰ্দশনৰ বাবে তিনিচুকীয়া জিলাৰ ক্ৰমে কাকপথাৰ, মাকুম,বাৰেকুৰী আদি অঞ্চল প্ৰৰিৰ্দশন কৰি কাকপথাৰ ছাত্ৰ সন্থাৰ বিষয় ববীয়া জীতু প্ৰসাদ চুতীয়া,দেৱ বৰা,অৱিনাষ চুতীয়া,দমন চুতীয়া প্ৰমুখ্যে বহু ব্যক্তিৰ লগত আলোচনা কৰি প্ৰয়োজনীয় তৰ্থ্য সংগ্ৰহ কৰে আৰু উক্ত তৰ্থ্য ভিত্তিতেই ২০১৮ চনতেই বীৰাংগনা সতী সাধনীৰ চিত্ৰ অংকনৰ কাম শেষ কৰা জানিবলৈ দিয়ে। উল্লেখ্য যে, তৰ্থ্য সমূহৰ আধাৰত ড°বৰুৱাই সাধনীক আহোম স্বৰ্গদেউ চুহুংমুঙৰ লগত হোৱা যুদ্ধত পৰাস্ত হৈ বুৰঞ্জীত উল্লেখ থকা দৰে ৰজাৰ বিবাহ প্ৰস্তাৱক অসন্মতি জনাই চুতীয়া ৰাজ্যৰ বৈশিষ্ট্য অক্ষুণ্ণ ৰাখি সতী ধৰ্ম পালে চন্দ্ৰগিৰী পৰ্বতৰ উপৰত উঠি দেৱপ্ৰদত্ত সোণৰ মেকুৰী,সোণৰ ধাল,সোণৰ তৰোৱাল সহ কুণ্ডত জাপদি বীৰাংগনাই আত্ম বলীদান দিছিল। এই পটভূমিতেই চিত্ৰ খনত হাবিতলীয়া স্থান, চন্দ্ৰগিৰী পৰ্বত তাৰ তলত কুণ্ড আৰু সাধনীয়ে যুদ্ধৰ বাবে সৃষ্টি কৰিলোৱা মহিলা সৈন্য বাহিনীৰ,যুদ্ধত ব্যৱহিত পাহাৰৰ ডাঙৰ ডাঙৰ শিলেৰে সৈতে চিত্ৰখন অতি অৰ্থপূৰ্ণ ভাৱে সকলো সামৰি অংকন কৰা বুলি ড°বৰুৱাই জানিবলৈ দিয়ে। তাৰোপৰি চিত্ৰ অংকণ কৰোতে চুতীয়া বুৰঞ্জীবিদ ভিগু শইকীয়াৰ পৰামৰ্শ মৰ্মে যুদ্ধৰ সময়ত বীৰাংগনা তিনি-চাৰি মহিয়া গৰ্ভৱতী বুলি জানিব পাৰি চিত্ৰখনত অতি কৌশলেৰে ইয়াৰ আভাষ প্ৰকত কৰা হৈছে বুলি ড°ৰঞ্জিত বৰুৱাই জনায়। পৰবৰ্তী সদৌ অসম চুতীয়া সন্মিলনৰ বিষয় ববীয়া সকলৰ উপস্থিতিত গুৱাহাটীৰ কেন্দ্ৰীয় কাৰ্যালয়ত আলোচনা মৰ্মে বহু পৰামৰ্শ সংযোগ কৰি ড°বৰুৱাই অংকন কৰা চিত্ৰ খন সদৌ অসম ভিত্তিত গ্ৰহণৰ বাবে অনুমোদন জনায়। ইয়াৰ পিচতেই বীৰাংগনা সতী সাধনীৰ ব্ৰঞ্জৰ মূৰ্তি ভাগি ড°ৰঞ্জিত বৰুৱাই নিৰ্মাণ সম্পূৰ্ণ কৰি গোলাঘাটৰ সতী সাধনী কলাক্ষেত্ৰৰ প্ৰাংগণত ২০১৯চনৰ ২২ডিছেম্বৰত প্ৰতিষ্ঠা কৰে আৰু অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শমাই আনুষ্ঠানিক ভাৱে উন্মোচন কৰিছিল বুলি ড°বৰুৱাই জানিবলৈ দিয়ে। পৰবৰ্তী ৰাজ্য খনৰ বিভিন্ন প্ৰান্তত ড°ৰঞ্জিত বৰুৱাৰ আৰ্হিৰে বৰুৱাৰ জ্ঞাতে মূৰ্তি নিৰ্মাণে এই ভাস্কৰ্য শিল্পীটো আগবঢ়াই নিয়াৰ সকলো শিল্পীকে তেওঁ কৃতজ্ঞতা জনাইছে।

নবজ্যোতি তামুলী, চিনামৰা

You might also like