নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জলসিঞ্চনৰ চাকৰিৰ নামত ধন সংগ্রহঃ প্রৱঞ্চক আটক

নিয়মীয়া বাৰ্তা ২৭ ফেব্ৰুৱাৰীঃ জলসিঞ্চন বিভাগৰ চাকৰিৰ নামত ধন সংগ্রহ কৰা এজন যুৱকক কালি আৰক্ষীয়ে আটক কৰে৷ জলসিঞ্চন বিভাগৰ ৰাজ্যিক মন্ত্রী তথা ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা আৰু সাংসদ দিলীপ শইকীয়াৰ নাম লৈ চাকৰিৰ নামত ধন সংগ্রহ কৰা ধৃত প্রৱঞ্চকজন হৈছে কামৰূপ জিলাৰ অন্তর্গত বৰকুৰিহাৰ লক্ষ্যধৰ ৰাজবংশী৷ প্রৱঞ্চকজনে পাঠশালাৰ এগৰাকী যুৱতীৰ পৰা জলসিঞ্চন বিভাগৰ শাখা সহায়ক পদৰ চাকৰি দিয়াৰ নামত তিনি লাখ টকা বন্দৱস্ত কৰিছিল৷ লক্ষ্যধৰৰ কথাত ভোল গৈ যুৱতীগৰাকীয়ে আগধন হিচাপে ৩০,০০০ টকা দিছিল৷

পিছত যুৱতীগৰাকীৰ সন্দেহ হোৱাত প্রথমে যুৱকজনৰ পৰা ধনখিনি ওভতাই বিচাৰে৷ কিন্তু প্রৱঞ্চকজনে ধন ঘূৰাই দিয়াৰ বিপৰীতে বিভিন্ন ধৰণৰ ভয়–ভাবুকি প্রদান কৰে৷ ইয়াৰ পিছত ভুক্তভোগী যুৱতীগৰাকীয়ে চাকৰিৰ নামত ধন লোৱা সন্দর্ভত ফেচবুকত পোষ্ট এটা আপলোড কৰে৷ লগে লগে পোষ্টটোক লৈ সর্বত্র চর্চা হয়৷ এই বিষয়ে জানিব পাৰি ৰঙিয়াৰ এবিভিপিৰ কর্মীয়ে যুৱতীগৰাকীক মন্ত্রী ভৱেশ কলিতাৰ সৈতে যোগাযোগ কৰাই দিয়ে৷ মন্ত্রী কলিতাৰ পৰামর্শ মতে ভুক্তভোগী যুৱতীগৰাকীয়ে প্রৱঞ্চক লক্ষ্যধৰৰ বিৰুদ্ধে ৰঙিয়া থানাত এজাহাৰ দাখিল কৰে৷ এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত যুৱকজনক গ্রেপ্তাৰ কৰে৷

You might also like