জাতীয় জাগ্রত চেতনাই তিৱাৰ অস্তিত্ব ভৱিষ্যতলৈ বহন কৰি থাকিব
নিয়মীয়া বাৰ্তা, ৩ ফ্ৰেব্ৰুৱাৰীঃ ‘তিৱা জাতিৰ জাগ্রত চেতনাই তিৱাসকলৰ ভৱিষ্যতে অস্তিত্ব বহন কৰিব পাৰিব৷ তিৱাসকলৰ সৰু সৰু ৰাজ্যসমূহৰ ৰজাসকলে সামাজিক ব্যক্তিত্ব, সামাজিক স্থিতি, বজাই ৰখাটো প্রয়োজন৷ একো একোজন ৰাজপৰিয়ালৰ প্রতীক হিচাপে তেওঁলোকে নিজৰ মর্যাদা বজাই ৰখাটো উচিত তেতিয়াহে তেওঁলোকে ৰজাৰ মান্যতা পাবলৈ সক্ষম হ’ব৷’ –এই মন্তব্য কৰে বিশিষ্ট লেখক গৱেষক মিলেশ্বৰ পাটৰে৷
দেওবাৰে ৰহাৰ কটহগুৰিৰ প্রয়াত পঞ্চৰাম ডেকা সোঁৱৰণী ক্ষেত্রত ঐতিহাসিক তিৱা ৰাজদৰবাৰৰ পঞ্চম দ্বি–বার্ষিক অধিৱেশনত অনুষ্ঠিত মুকলি সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰি বিশিষ্ট গৱেষকজনে কয়,বর্তমান তথ্য–প্রযুক্তি উত্তৰণৰ সময়ত জাতি জনজাতি ভাষা সংস্কৃতিসমূহ হেৰাই যোৱাৰ উপক্রম হৈছে৷ এনে সন্ধিক্ষণত তিৱা জাতিৰ লোকসকলে নিজৰ ভাষাটো জীয়াই ৰাখিবৰ বাবে সচেতন হোৱা আৰু এই বিষয়ে চর্চা কৰাটো প্রয়োজন৷
অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ তথা ৰহা মহাবিদ্যালয়ৰ অধ্যক্ষ বেদ কুমাৰ চলিহাই স্মৃতিগ্রন্থ ‘ৰাজানে থুৰাং’ উন্মোচন কৰে৷ সভাত লেখক ভাস্কৰ বৰদলৈ, তিৱা ছাত্র সন্থাৰ নগাঁও জিলাৰ সভাপতি প্রশান্ত কোঁৱৰ, শিক্ষাবিদ তৰুণ চন্দ্র ডেকা, লেখক লক্ষীপ্রসাদ ডেকাৰ উপৰি ১৮জনকৈ তিৱা ৰজা ক্রমে গোভা ৰাজ্যৰ ৰজা দ্বীপসিং দেওৰজা, কুমৈ কছাৰী গঞা ৰাজ্যৰ ভোগেশ্বৰ দেওৰজা, খাহীগড ৰাজ্যৰ অৰূপ দেওৰজা, শুখনাগোগ ৰাজ্যৰ অদিত দেওৰজা, কুমৈ ৰাজ্যৰ চুচেন দেওৰজা, চহৰী ৰাজ্যৰ চুৰেন দেওৰজা, নেলী ৰাজ্যৰ ৰামসিং দেওৰজা, বঘৰা ৰাজ্যৰ তুলসী দেওৰজা, শিলচাং ৰাজ্যৰ সুমংগল দেওৰজা, ডমাল ৰাজ্যৰ ঋতুসিং দেওৰজা, পূব উত্তৰখোলা ৰাজ্যৰ নয়নমণি দেওৰজা, তেতেলীয়া ৰাজ্যৰ মুনিৰাম দেওৰজা, ঘগুৱা ৰাজ্যৰ মুকুল দেওৰজা, মায়ং ৰাজ্যৰ তাৰিণীকান্ত ৰজা, তৰাণী ৰাজ্যৰ নন্দেশ্বৰ দেওৰজা, পশ্চিম নগাঁও ৰাজ্যৰ ভদ্রসিং দেওৰজা, ডিমৰীয়া ৰাজ্যৰ হলিসিং দেওৰজা আৰু সৰাৰাজ্যৰ গমণ দেওৰজা উপস্থিত থাকে৷ ইয়াৰ আগেয়ে পুৱা তিৱা ৰজাসকলক লৈ বিভিন্ন জনগোষ্ঠীয় নৃত্য, কলাৰে এক বর্ণিল বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্রা উলিওৱা হয়৷