জাল নোট বনোৱা মেচিনসহ বাইহাটাত তিনি জালনোটৰ ব্যৱসায়ী কৰায়ত্ত
নিয়মীয়া বাৰ্তা ,১৫ মে : কামৰূপ জিলাৰ বাইহাটা চাৰিআলি আৰক্ষীয়ে কমলপুৰ আৰক্ষীৰ সহযোগত এক অভিযান চলাই জাল নোট তৈয়াৰ কৰা মেচিনসহ তিনিজন লোকক কৰায়ত্ত কৰে । জানিব পৰামতে বাইহাটা চাৰিআলি আৰক্ষী চক্ৰৰ চক্ৰ পৰিদৰ্শক আৰু বাইহাটা চাৰিআলি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াদ্বয়ে যৌথভাৱে কালিৰে পৰা অভিযান চলাই কমলপুৰ থানাৰ অন্তৰ্গত বৰমাৰৈ গাৱৰ সৌচৰ আলি(৪১), খৰিকট গাৱৰ মইনুৰ আলি (৩১), চাংসাৰি থানাৰ অন্তৰ্গত পিয়ালিখাটা গাৱৰ ইব্ৰাহিম আলি (৪০) পৰা এই লোকজনক আটক কৰি থানাখনলৈ আনে । কমলপুৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ১৪৯/২০২২ নম্বৰত এটি গোচৰ পঞ্জীয়ন কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। লোক তিনিজনৰ জিম্মাৰ পৰা এটা নকল নোট চপোৱা যন্ত্ৰও উদ্ধাৰ কৰে।
বাতৰি লিখাৰ সময়লৈ আৰক্ষীৰ পৰা ঘটনা সন্দৰ্ভত অধিক তথ্য পোৱা নাই যদিও এই ঘটনাত এক বৃহৎ চক্ৰ জড়িত থকা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে । আন এক খৱৰমতে ধৃত লোক কেইজনে আন সতীৰ্থৰ সৈতে এই ভুৱা মেচিনটোৰে জালনোট বনোৱা হয় বুলি জালনোটৰ গ্ৰাহকক আশ্বস্ত কৰি ধন সৰকোৱাৰ ফন্দি পতা কাৰ্যত নিমজ্জিত হৈছিল বুলিও আৰক্ষীৰ ওচৰত স্বীকাৰ কৰিছে ।