‘জুবিন গাৰ্গ’ দলংখন কাটি-ভাঙি নৈত উটুৱালে কোনে?
নিয়মীয়া বাৰ্তা, ১৬ এপ্ৰিলঃ অসম-অৰুণাচল সীমান্তৰ টেঙাপানী গাঁৱত অৰুণাচলৰ আৰক্ষীয়ে কাটি-ভাঙি নৈত উটুৱাই দিলে জুবিন গাৰ্গ দলং। টেঙাপানী গাঁৱৰ ৰাইজে অশেষ কষ্টৰে যাতায়তৰ সুবিধাৰ্থে নিৰ্মাণ কৰি উলিওৱা ৪৯০ মিটাৰ দলংখন হঠাৎ অৰুণাচলৰ আৰক্ষীয়ে ভাঙি পেলায়। নদিহিং নৈৰ ওপৰত থকা দলংখন উটুৱাই দিয়াত ক্ষুব্ধ হৈ পৰিছে অঞ্চলটোৰ ৰাইজ। শীঘ্ৰে চৰকাৰৰ হস্তক্ষেপ দাবী কৰিছে ৰাইজে।