জেচিবিৰে নলা খান্দি কৃত্ৰিম বান প্ৰতিৰোধৰ প্ৰয়াস
নিয়মীয়া বাৰ্তা, ১২ জুলাইঃ জোনাই মহকুমাত এতিয়া সম্পূৰ্ণ বানপানীৰ কবলত। জোনাই বজাৰ কে ধৰি জোনাই মহকুমাত থকা আৱাসিক এলেকা, চৰকাৰী কাৰ্যালয়, স্কুল কলেজ অনুষ্ঠান প্ৰতিষ্ঠান কৃত্ৰিম বানৰ কৱলত৷ সেইয়ে বৃহস্পতিবাৰে জোনাই মণ্ডলৰ যুৱ মৰ্চাৰ সভাপতি প্ৰনৱ টায়েৰ উদ্যোগত ৰাইজৰ নিজা প্ৰচেষ্টাত স্থানীয় ব্যক্তি যুগল কিশোৰ দলে, জেষ্ঠ নাগৰিক ডাঃ ঘনকান্ত লাগাছু, জোনাইৰ যুৱ ব্যৱসায়ী দেৱজিৎ বৰশইকীয়া, কনাইয়া মাজি, মহেশ মাজি আৰু দিলিপ সোনোৱালৰ সহযোগত প্ৰায় ৩০০ মিটাৰ আগাম দলুঙৰ পৰা লৃচাং দলুঙলৈ জেচিবিৰে নলা সমূহ খান্দি পানী যোৱা ব্যৱস্থা কৰে৷ জোনাই সদৰৰ বিভিন্ন স্থানত অপৰিকল্পিতভাৱে আজি কেবাবছৰ ধৰি ড্ৰেইন নিৰ্মাণৰ কামসমূহ ৰূপায়নৰ কৰিছে যদিও এই আচঁনিসমূহ নিৰ্মাণ কৰোঁতে অপৰিকল্পিত ভাৱে নিৰ্মাণ কৰাৰ ফলত কৃত্ৰিম বানপানীয়ে জোনাই ৰাইজক জলাখলা খোৱাইছে৷ এজাক বৰষুণতে জোনাই সদৰৰ ৰাইজে কৃত্ৰিম বান পানীৰ সমস্যাৰ সন্মুখীন হব লগা হৈছে৷ উল্লেখযোগ্য যে জোনাই বজাৰৰ লগতে জোনাই মহকুমা আৱাসিক এলেকা সমূহৰ নলা-নৰ্দমাসমূহ উন্নত নকৰিলে আৰু জমা হৈ থকা আৱৰ্জনাসমূহ সময়ৰ আগত নিস্কাশনৰ ব্যৱস্থা নকৰিলে জোনাই সদৰত সৃষ্টি হোৱা কৃত্ৰিম বানপানী ভৱিষ্যতে প্ৰধান সমস্যাৰূপে পৰিগণিত হ’ব। সেইয়ে বিজেপিৰ নেতাগৰাকীয়ে বিজ্ঞান সন্মতভাৱে জোনাইত ড্ৰেইন নিৰ্মাণ কৰি সমস্যা সমাধান কৰিবলৈ জোনাই মহকুমাধিপতিৰ জড়িয়তে মুখ্যমন্ত্ৰী আৰু উপায়ুক্তলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷