চিলাপথাৰত কুখ্যাত ড্ৰাগচ মাফিয়া সহ বিলাসী বাহন জব্দ
নিয়মীয়া বাৰ্তা, ৭ জুলাইঃ চিলাপথাৰ আৰক্ষীৰ দলে গোপন সূত্ৰৰ পম খেদি কালি দুজন স্মাগলাৰ গ্ৰেপ্তাৰ কৰাৰ লগতে জব্দ কৰিলে এখন বিলাসী বাহন ৷ ঘটনাৰ বিবৰনী মতে কালি বিয়লি প্ৰায় ৫ বজাত ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কুলাজান-বগীবিল দলঙ পথৰ দাম্বুকত ড্ৰাগচ মাফিয়াৰ অৱস্থিতিৰ কথা বিশেষ সূত্ৰে জানিব পাৰে ৷ চিলাপথাৰ আৰক্ষী থানাৰ অ’চি গনেশ বৰ্মনৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে বগীবিল ডিব্ৰুগড়ৰলৈ গৈ থকা অৱস্থাত এ এচ ০৬এচ/০৪৯৫ নম্বৰৰ আই টেন বাহন ৰখাই অনুসন্ধান চলায় ৷
অনুসন্ধানত বাহনখনৰ পৰা ড্ৰাগচৰ লগতে আপত্তিজনক বস্তু উদ্ধাৰ কৰে ৷ ডিব্ৰুগড়ৰ কুখ্যাত ড্ৰাগছ মাফিয়া আয়ুব খান (৫৭) আৰু অঞ্জু আহমেদক (৫৫)আটক কৰিবলৈ সক্ষম হয়। ঘটনাৰ সংক্ৰান্তত চিলাপথাৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ২৭ NDPS অধীনত ২৮৭/২০২০ নং গোচৰ ৰুজু কৰে ৷ দীৰ্ঘদিনৰ পৰাই ডিব্ৰুগড়ৰ এইজন বিলাসী তথা সম্ভ্ৰান্ত লোকে আৰক্ষীৰ চকুত ধূলা দি এনে অসামাজিক কাৰ্য চলাই অহা বুলি অভিযোগ উচিছে ৷ মাফিয়া আয়ুব খানৰ নামত পঞ্জীয়নভূক্ত বাহনখনতে অঞ্জুক হেণ্ডকাফ পিন্ধাই আৰু আয়ুবক মুকলিকৈ বহুৱাই পোনতে থানাৰ পৰা পুকিয়া ব্লক হস্পিটেলত স্বাস্থ্য পৰীক্ষা কৰাই ধেমাজি ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰে ৷ ইপিনে ধেমাজিত আদালতত উপস্থিত কৰোৱাৰ পিছতে স্মাগলাৰক কৰোনা ভাইৰাছৰ আতংকৰ দোহাই দি জেলৰ পৰিবৰ্তে কুৱাৰেণ্টাইন শিবিৰলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে ৷
দীৰ্ঘদিন ধৰি বৃহত্তৰ চিলাপথাৰ,জোনাই আৰু অৰুণাচলৰ বিভিন্ন ঠাইত ড্ৰাগছ সৰবৰাহ কৰি নৱ প্ৰজন্মৰ এচামৰ জীৱন তিল তিল কৈ ধ্বংস মুখলৈ ঠেলি দিয়া ড্ৰাগছ মাফিয়া দুজনক জেললৈ প্ৰেৰণ কৰা শুনি সচেতন মহলে সন্তোষ লভিছে যদিও জিলা প্ৰশাসনক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে।