নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত “জনজাতি জাগৰণ যাত্ৰা” জনজাতিসকলৰ সমস্যা আৰু সজাগতা উদ্দেশ্য জাগৰণ যাত্ৰা

নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰীঃ সদৌ অসম ট্ৰাইবেল সংঘ জ’নাই জিলা সমিতিৰ উদ্যোগত জোনাইস্থিত জোনাই টাউন ক্লাবত ” জনজাতি জাগৰণ যাত্ৰা” শীৰ্ষক এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷ আজিৰ ৰাজহুৱা সভাখন সভাপতিত্বত কৰে জোনাই জিলা ট্ৰাইবেল সংঘৰ উপ সভাপতি কমল পেগুৱে ৷ জোনাই জিলা ট্ৰাইবেল সংঘৰ সম্পাদক পদ্মেশ্বৰ দলেই আতঁধৰা সভাত জ’নাই জিলা ট্ৰাইবেল সংঘৰ উদ্যোগত অনুষ্ঠিত ‘জনজাতীয় জনজাগৰণ যাত্ৰা’ কাৰ্যসূচীত উপস্থিত থাকি সদৌ অসম ট্ৰাইবেল সংঘৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ধৰ্মেন্দ্ৰ দেউৰীয়ে জনজাতি সকলৰ দীৰ্ঘ দিনীয়া বিভিন্ন সমস্যা সন্দৰ্ভত বিস্তাৰিত ভাবে ৰাইজক অৱগত কৰে। লগতে জনজাতি সকলৰ বাবে সংৰক্ষিত চৰকাৰী বিষয়া- কৰ্মচাৰীৰ বেকলগ পদ সমুহ অতি শীঘ্ৰে পূৰণ কৰা, মিচিং, ৰাভা, দেউৰী আদি জনজাতীয় জনগোষ্ঠী সমূহৰ ভাষাক শিক্ষাৰ মাধ্যম ৰূপে স্বীকৃতি প্ৰদান কৰা, স্বায়ত্ব শাসিত পৰিষদ সমূহ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ সন্দৰ্ভত আজিৰ জনজাতীয় জনজাগৰণ যাত্ৰাৰ জৰিয়তে চৰকাৰক দাবী জনায়। লগতে
বহুবছৰ পৰা ধৰি জনজাতি সকলে উচ্চবংশীয় জাতিবোৰৰ পৰা ৰাজনৈতিক আৰু সামাজিকভাৱে শোষিত হৈ আহিছে আৰু জনজাতি হিচাপে পাবলগীয়া সাংবিধানিক অধিকাৰবোৰৰ পৰা বঞ্চিত হৈ আহিছে ৷ তাতোকৈ অতি দুখৰ বিষয় যে সম্প্ৰতি বিজেপি চৰকাৰে মৰাণ , মটক , চুতীয়া , আহোম, গোৰ্খা সকলক জনজাতিয় অঞ্চলত ভূমি ক্ৰয় কৰিব পৰাৰ যি অনুমুদন দিছে সেইয়া এক চিন্তনীয় বিষয় বুলি মন্তব্য কৰে৷ ইয়াৰ উপৰিও ৬ জনগোষ্ঠীৰ দৰে উচ্চ বংশৰ জাতি সকলকো জনজাতিৰ অন্তৰ্ভুক্ত কৰিব বিচৰা কাৰ্য্যই আমাক বৰকৈ সচকিত কৰি তুলিছে ৷ গতিকে সেইবোৰ কেনেকৈ কি উপায়েৰে জনজাতিসকলে প্ৰত্যাহ্বান জনাব লাগিব সেই সম্পৰ্কে আলোচনা কৰাৰ্থে আৰু আমাৰ জনজাতিসকলৰ মাজত একতাৰ ভাব জগাই তুলি জাগ্ৰত হ’বৰ বাবেই শদিয়াৰ পৰা ধুবুৰীৰলৈ সদৌ অসম ট্ৰাইবেল সংঘই  “জনজাতি জাগৰণ যাত্ৰা”ৰ আৰম্ভ কৰিছে বুলি জানিবলৈ দিয়ে৷ সভাত জোনাই জিলা ট্ৰাইবেল সংঘৰ সম্পাদক পদ্মেশ্বৰ দলেয়ে কয় আমাৰ জনজাতি সমস্যা সমস্যা সমূহ সমাধান কৰিবলৈ এই জনজাতি জাগৰণ যাত্ৰা আয়োজন কৰিছোঁ গতিকে আমাৰ জনজাতিৰ যিখিনি প্ৰাপ্য অধিকাৰ সংবিধানিক ন্যয্য অধিকাৰৰ কাৰণে আমি সংগ্ৰাম কৰিব লাগিব৷ জনজাতি সকলৰ সংকট আহি পৰিছে আমাৰ জনজাতি সকলৰ অৰ্থসামাজিক , ধৰ্মীয় শিক্ষা মাটিৰ বাৰী সমস্যা গতিকে আমি জনজাতি সকলো মিলি সজাগ হবৰ হল লগতে উদাত্ত কণ্ঠেৰে জনজাতি সকলৰ প্ৰতি দেখুওৱা চৰকাৰৰ ভূমিকাক ক্ষুৰধাৰ সমালোচনা কৰে। উক্ত কাৰ্যসূচীত সদৌ অসম ট্ৰাইবেল সংঘৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ৰুদ্ৰ দৈমাৰী, এবচুৰ উদাং বি, এবচু ধেমাজি জিলা সমিতিৰ উপ-সভাপতি সুৰজিৎ নাৰ্জাৰী আদিও উপস্থিত থাকে।

You might also like