নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত বহুমুখী সমবায় সমিতি লিমিটেডৰ কোটিটকীয়া কেলেংকাৰী, দুজনক আটক

নিয়মীয়া বাৰ্তা ৩০ জুনঃ বহুমুখী সমবায় সমিতি লিমিটেডৰ জোনাই শাখাত সংঘটিত হৈছে ১ কোটি ২৯ লাখ টকাৰ এক কেলেংকাৰীৰ৷ যাৰফলত জোনাই শাখা বন্ধ হয় পৰাত শাখাটোত ধন জমা ৰখা গ্ৰাহকৰ মাজত এতিয়া হাহাকাৰ অৱস্থা৷ এই কেলেংকাৰীত জড়িত থকাৰ অভিযোগ উথাপন কৰি শাখা পৰিচালকজনে কোষাধ্যক্ষ বন্তি মিলি, ক্ষেত্ৰ সহায়ক দীপাঞ্জলী দলে দাস আৰু এজেণ্ট মৌচুমী দলে বিৰুদ্ধে জোনাই থানাত এক গোচৰ ৰুজু কৰে৷

গোচৰৰ মূল নায়িকা হিচাপে চিহ্নিত তথা দীৰ্ঘদিন ধৰি পলাতক হৈ থকা বেংকটোৰ কোষাধক্ষ বন্তি মিলিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ বন্তি মিলিক যোৱা দেওবাৰে নিশা চিলাপথাৰ আৰক্ষীয়ে আটক কৰাৰ পিছত জোনাই আৰক্ষীয়ে বহুমুখী সমবায় সমিতি লিমিটেডৰ জোনাই শাখাৰ ১ কোটি ২৯ লাখ টকাৰ কেলেংকাৰী গোচৰৰ মূল নায়িকা দণ্ডাধীশৰ আদালতত হাজিৰ কৰে৷ আদালতে ১৪ দিনৰ বাবে ন্যায়িক জিম্মাৰ নিৰ্দেশ দি জেললৈ প্ৰেৰন কৰে৷ উল্লেখ্য যে জোনাই থানাৰ আৰক্ষীয়ে বহুমূখী সমবায় সমিতি লিমিটেডৰ জোনাই শাখাত সংঘটিত ১ কোটি ২৯ লাখ টকাৰ কেলেংকাৰী গোচৰত জড়িত তথা সমবায় বেংকৰ এজেন্ট মৌচুমী দলেক যোৱা ২০ জুনত চিলাপথাৰ নামঘৰীয়া নিজা গৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছিল৷

সেইদিনাই জোনাই থানাৰ আৰক্ষীয়ে বহুমুখী সমবায় সমিতি লিমিটেডৰ জোনাই শাখা অন্যতম নায়িকা তথা বন্তি মিলিৰ স্বামীৰ নামত পঞ্জীয়নভূক্ত বলেৰ গাড়ী এখন জব্দ কৰিছিল৷ ইপিনে বহুমুখী সমবায় সমিতি লিমিটেডৰ জোনাই শাখাত সংঘটিত ১ কোটি ২৯ লাখ টকাৰ কেলেংকাৰী গোচৰত জড়িত ক্ষেত্ৰ সহায়ক দীপাঞ্জলি দলে দাস বৰ্তমানও পলাতক অৱস্থাত আছে৷ উল্লেখ্য যে বহুমুখী সমবায় সমিতি লিমিটেডৰ জোনাই শাখাৰ কোষাধ্যক্ষ বন্তি মিলি টায়েং , ক্ষেত্ৰ সহায়ক দীপাঞ্জলী দলে দাস আৰু এজেন্ট মোচুমী দলে মিলিয়ে ক্ষুদ্ৰ ব্যৱসায়ী খেতিয়ক, শ্ৰমজীৱি লোকৰ দৈনিক মাহেকীয়া জমাধনৰ পৰা কৌশলেৰে প্ৰায় ১ কোটি ২৯ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ কৰি বহুমুখী সমবায় সমিতি লিমিটেডৰ জোনাই শাখাৰ পৰিচালক বিক্ৰমসিং টায়েই এজাহাৰ দাখিল কৰিছিল৷ এই এজাহাৰৰ ভিত্তিত জোনাই সদৰ থানাই ভাৰতীয় দণ্ডবিধিৰ ৪২০/৪০৬/৩৪ ধাৰা অধীনত ৪৭/২০ নম্বৰৰ এটা গোচৰ ৰুজ কৰা হয়৷

অভিযোগ মতে বহুমুখী সমবায় সমিতি লিমিটেডৰ জোনাই শাখাৰ কোষাধ্যক্ষ বন্তি মিলিয়ে ২০১৬ চনৰ পৰা ২০১৯ চনলৈ ১০৯,৮৫,৬৮৬ টকা ক্ষেত্ৰ সহায়ক দীপাঞ্জলী দলে দাসে ১৪,৬১,০৫২ টকা আৰু মৌচুমী দলেয়ে ৪,৫৭,৮৫১ টকা মুঠ ১,২৯,০৪,৫৯০ টকা বেংটোৰ গ্ৰাহকৰ ৰাইজৰ জমাধনৰ আত্মসাৎ কৰিছে৷ সমবায় বেংকটোৰ এজেন্ট সকলে গ্ৰাহকৰ পৰা ধন সংগ্ৰহ কৰি জমা দিয়া সময়ত কোষাধ্যক্ষই এজেন্ট সকলৰ প্ৰকৃত জমা ধনৰ হিচাপৰ বিপৰীতে বেংকৰ কেজবুকত কমকৈ জমা ধন লিপিবদ্ধ কৰি দৈনিক গ্ৰাহক ৰাইজৰ জমাধন আত্মসাৎ অভিযোগ উঠিছে৷ ইতিমধ্যে জোনাই থানাই যোৱা তিনি জুনত বহুমুখী সমবায় সমিতি লিমিটেডৰ জোনাই শাখা কাৰ্যালয়ত অভিযান চলাই এঘাৰটা ফাইল তথা নথি পত্ৰ জব্দ কৰাৰ পিছৰে পৰা বহুমুখী সমবায় সমিতি লিমিটেডৰ জোনাই শাখাৰ কোষাধ্যক্ষ বন্তি মিলি টায়েং, ক্ষেত্ৰ সহায়ক দীপাঞ্জলী দলে, দাস, এজেন্ট মৌচুমী দলে, পলাতক অৱস্থাত আছিল৷ সমবায় সমিতিৰ কোটি টকীয়া দুৰ্ণীনীতিৰ লগত জড়িত দুয়োগৰাকীক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰাৰ পিচত দুৰ্নীতিত জড়িত তৃতীয় গৰাকী সদস্য এতিয়াও পলাতক হৈ থকা ক্ষেত্ৰ সহায়ক দীপাঞ্জলী দলেয়ে আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে৷

উক্ত জোনাই শাখাটোত সংঘটিত হোবা এই কেলেংকাৰীৰ এক উচিত তদন্ত কৰিবলৈ দাবী জনাইছে গ্ৰাহক সকলে৷ কিয়নো মাত্ৰ কেইজনমান কৰ্মচাৰী নহয় আৰু শাখাটোৰ আন আন বিষয়া কৰ্মচাৰী জড়িত থাকিব পাৰে বুলি অভিযোগ কৰিছে৷ ইমানদিনে শাখাটোত চলি থকা ইমান বৃহৎ কেলেংকাৰী কথা শাখাটোৰ আন বিষয়া কৰ্মচাৰী লগতে শাখা পৰিচালকজন গম পোৱা নাছিল নেকি বুলি প্ৰশ্ন কৰিছে গ্ৰাহকে৷ সেই গতিকে এক উচিত তদন্ত কৰি এই কেলেংকাৰীত জড়িত সকলো ব্যক্তিক আটক কৰিবলৈ দাবী জনাইছে৷ ইপিনে দীৰ্ঘদিন ধৰি সমবায় বেংকটোৰ কাম কাজ বন্ধ হৈ থকাত জমাধন ঘূৰাই বিচাৰি গ্ৰাহক ৰাইজে হাহাকাৰ কৰিব লগা হৈছে৷

You might also like