জোনাইত মিচিং আগম কেবাঙৰ বিভিন্ন শাখাত ৩৮ সংখ্যক মিচিং ভাষা দিৱস উদযাপন
নিয়মীয়া বাৰ্তা, ৩১ অক্টোবৰ: ৰাজ্যখনৰ ভূমিপুত্ৰ তথা দ্বিতীয় সৰ্ববৃহৎ ভৈয়াম জনগোষ্ঠী মিচিং সকলৰ মিচিংসকলৰ ৩৮ সংখ্যক ভাষা স্বীকৃতি দিৱসটো দেওবাৰে মিচিং আগম কেবাঙৰ বিভিন্ন শাখা আৰু দুলং সমিতিৰ উদ্যোগত গন্তিৰসপূৰ্ণ পৰিবেশৰ মাজত উদযাপন কৰা হয়৷ এদিনীয়া কাৰ্যসূচীৰে ভাষা দিৱসৰ লগত সংগতি ৰাখি সাহিত্য, সাংস্কৃতিক প্ৰতিযোগিতাৰো আয়োজন কৰা হয়৷ উল্লেখযোগ্য যে মিচিং ভাষা,সাহিত্য বিকাশৰ মহান উদ্দেশ্য আগত ৰাখি মিচিং সমাজৰ কেইজনমান প্ৰাতঃস্মৰণীয় ব্যক্তিৰ উদ্যোগত ১৯৭২ চনত প্ৰতিষ্ঠা লাভ কৰে মিচিং আগম কৌবাঙ (মিচিং সাহিত্য সভা)ৰ। জন্মলগ্নৰে পৰাই মিচিং আগম কৌবাঙে মিচিং ভাষা স্বীকৃতিৰ দাবীত দীৰ্ঘ বছৰ ধৰি চলাই অহা গণতান্ত্ৰিক আন্দোলন ফলশ্ৰতিত ১৯৮৫ চনৰ আজিৰ দিনটোতে অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ চৰকাৰে মিচিং অধ্যুষিত অঞ্চলত প্ৰাথমিক বিদ্যালয়ত বিষয় হিচাপে মিচিং ভাষাক স্বীকৃতি প্ৰদান কৰে। সেই সময়ৰ পৰাই মিচিং আগম কৌবাঙে ৩০ অক্টোবৰ তাৰিখে মিচিং ভাষা দিৱস উদযাপন কৰি আহিছে।