নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইৰ অসম-অৰুণাচল সীমান্ত পৰিদৰ্শন দুয়োখন ৰাজ্যৰ প্ৰশাসনৰ

নিয়মীয়া বাৰ্তা, ৩০ আগষ্ট:: অসম-অৰুণাচলৰ মাজত বিভিন্ন ঠাইত সীমা সংঘাটক লৈ বিবাদ সৃষ্টি হৈ থকাৰ মাজতে আজি জোনাইৰ অসম-অৰুণাচল সীমান্তৰ কিছু ঠাই পৰিদৰ্শন কৰে দুয়োখন ৰাজ্যৰ প্ৰশাসনে‌।
বিশেষকৈ অসম অৰুণাচল সীমান্তৰ অয়ান জামপানী আৰু ঈশ্বৰ পথাৰত‌ কিছু দিন আগৰ পৰা সীমা বিবাদক লৈ সৰু সুৰা সংঘাট সৃষ্টি হৈ থকা পৰিলক্ষিত হৈ আহিছে। এই সংঘাট সৃষ্টি হোৱা ঠাই সমূহ পৰিদৰ্শন কৰি আজি দুয়োখন ৰাজ্যৰ প্ৰশাসনে সীমান্তৱৰ্তী গাঁৱৰ ৰাইজৰ লগত আলোচনাত মিলিত হয়। আলোচনাত দুয়োখন ৰাজ্যৰ সীমান্তৱৰ্তী গাঁৱৰ ৰাইজ তথা স্থানীয় দল সংগঠনৰ মাজত আলোচনা কৰি সঠিক সীমা নিৰ্দ্ধাৰণ কৰি চৰকাৰক জনায় দিবলৈ আহ্বান জনায়।
এই পৰিদৰ্শন সময়ত উপস্থিত থাকে জোনাইৰ বিধায়ক ভূৱন‌ পেগু, ধেমাজি জিলাৰ উপায়ুক্ত, জোনাই ৰাজহ চক্ৰ বিষয়া তথা অৰুণাচল প্ৰদেশৰ ৰুকচিন ৩৭নং সমষ্টিৰ বিধায়ক নেনং এৰিং, পূৱ চিয়াং জিলাৰ উপায়ুক্ত লগতে দুয়োখন ৰাজ্যৰ বহু চৰকাৰী কৰ্মচাৰী বিষয়া।
You might also like