জোনাইৰ কেইবাখনো গাঁৱৰ কৃষিভূমিৰ পকাধান বুৰাই পেলাইছে বুঢ়ীসৃতি আৰু দিখাৰী নৈৰ বাঢ়নী পানীয়ে
নিয়মীয়া বাৰ্তা, ২২ মে’: ধেমাজি জিলাৰ জোনাইৰ ৰামধন-দিখাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত কেইবাখনো গাঁও আজিও বানৰ কবলত। যোৱা কেইবাদিনো দি থকা নেৰানেপেৰা বৰষুণৰ ফলত বুঢ়ীসূতি আৰু দিখাৰী নৈৰ বাঢ়নী পানীয়ে পঞ্চায়তটোৰ ১,২ আৰু ৩ নং জামুগুৰী, ১,২ আৰু ৩ নং জয়পুৰ, ওলুৱনী, মাজগাঁও, ১ নং বিষ্ণুপুৰ আদি কৰি প্ৰায় ৮-৯ খন গাঁৱৰ প্ৰায় শতাধিক পৰিয়ালৰ কৃষিভূমি বুৰাই পেলাইছে বুঢ়ীসূতি আৰু দিকাৰী নৈৰ বাঢ়নী পানীয়ে। যাৰ ফলত হাহাকাৰৰ সৃষ্টি হৈছে বানাক্ৰান্ত ৰাইজৰ মাজত।
ইফালে পকিব ধৰা পথাৰৰ আহু,বড়, ৰঞ্জিত ধানৰ খেতিবোৰ পানীৰ তলত বুৰ গৈ ক্ৰমে গেলিব ধৰাত বান পীড়িত ৰাইজৰ মাজত দেখা দিছে অনাগত দিনত তীব্র খাদ্য সংকটৰ আশংক্ষা। ইফালে এনে সময়তো জোনাই মহকুমা কৃষি বিভাগ কিম্বা জনপ্রতিনিধিয়ে। কোনোধৰণৰ খবৰ নোলোৱাৰ অভিযোগ কৰিছে বান পীড়িত ৰাইজে।