নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইৰ বানাক্ৰান্তৰ শিবিৰ পৰিদৰ্শন মুখ্যমন্ত্ৰী সোণোৱালৰ

নিয়মীয়া বাৰ্তা, ১৪ জুলাইঃ পবা বৰ্ষাৰণ্যক বন্যপ্ৰাণী অভয়াৰণ্যৰ মৰ্যাদা দি উপযুক্ত সংৰক্ষণৰ আশ্বাস প্ৰদান কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। অসমৰ গৌৰৱ পবা বৰ্ষাৰণ্যখনক জোনাইবাসীৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সমৰ্থন জনাই পবা বৰ্ষাৰণ্যক বন্যপ্ৰাণী অভাৰন্যক(Wild Life Century হিচাপে সংৰক্ষণৰ আশ্বাস দি কয় পবা বৰ্ষাৰণ্য খনে বৃহত্তৰ জোনাই মহকুমা খনক নিৰাপত্তা প্ৰদান কৰাৰ উপৰিও বৰ্ষাৰণ্য খনে অকল জৈৱ বৈচিত্ৰ আৰু প্ৰাকৃতিক সৌন্দৰ্য বৃদ্ধি কৰাই নহয় এই বৰ্ষাৰণ্যই লালী চিয়াং নদীৰ গৰাখহনীয়াৰ পৰা ৰক্ষা কৰি আহিছে ৷

ইয়াৰ উপৰিও আজি জোনাইৰ বান , গৰাখহনীয়া আৰু বানশিবিৰ পৰিস্থিতি বুজ ল’বলৈ অহা মুখ্যমন্ত্ৰী সোনোৱালে সংবাদ মাধ্যমৰ আগত পবা বৰ্ষাৰণ্যৰ জীৱ কূলৰ প্ৰতি নামি অহা ভাবুকিক লৈয়ো উদ্বিগ্নতা প্ৰকাশ কৰিছে। ৰাজ্যত এতিয়া বানৰ বিভীষিকা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভাঙিছে মথাউৰি। তাৰ মাজতে আজি জোনাই মহকুমাত জলসম্পদ মন্ত্ৰী কেশৱ মহন্তক লগত লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ধেমাজি জিলা জোনাইত বান পৰিস্থিতিৰ বুজ লয়। জোনাইত দুপৰীয়া উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে জোনাই চৰকাৰী সাহায্য শিবিৰ পৰিদৰ্শন কৰি তাত আশ্ৰয় গ্ৰহন কৰা ৪০৫ জন বানাক্ৰান্তৰ সমস্যাৰ বুজ লয়। ইয়াৰ পাছতে লালী-চিয়াং নদীৰ ধ্বংস লীলা , চিমেন, চিলে, ডেপী, দিখাৰী আৰু জোনাই নদীৰ প্ৰলয়ংকাৰী বানত জোনাই ৰাজহ চক্ৰৰ বাহিৰ জোনাই, চিলে, লাইমেকুৰী, চমকং, লোহিজান, গালী চিকাৰী , ৰামধন আৰু মিছামৰা গাঁৱ পঞ্চায়ত সম্পূৰ্ণ ৰূপে চিয়াং নদীৰ বানে মহা প্ৰলয় সৃষ্টি হোৱা অঞ্চল সমূহৰ বুজ লয় মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

অকলেণ্ড নামৰ স্থানত থিয় হৈ বান পৰিস্থিতি পৰিদৰ্শন কৰে। আৰু সেই স্থানৰ দক্ষিণ অংশত থকা বেৰা চাপৰি অঞ্চলৰ প্ৰায়১০ খনৰো অধিক গাঁৱলৈ সম্পূৰ্ণ ৰূপে যোগাযোগ ব্যবস্থা বিচ্ছিন্ন হৈছে। এছ ডি আৰ এফৰ বাহিনীও যাব নোৱাৰা অৱস্থাৰ কাৰণে মুখ্য মন্ত্ৰীয়ে আধাবাটৰ পৰা ঘূৰি আহি জোনাই মহকুমাধিপতিৰ কাৰ্যালয়ত জিলাখনৰ সকলো শীৰ্ষ বিষয়াৰ লগত এক আলোচনাত মিলিত হয়৷ ইয়াৰ পিছতে সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী সোনোৱালে কয় যে, ক’ভিড ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা ব্যক্তিক শ্ৰদ্ধা জনায় কভিদ যোদ্ধাক প্ৰশংসা কৰে। মুখ্যমন্ত্ৰী সোনোৱালে আৰু কয়, বানত ক্ষতি হোৱা জোনাই অঞ্চলৰ ঐৰাম ঘাটৰ পৰা চিয়াং নদীৰ পাৰত মথাউৰি নিৰ্মাণ কৰিব। বানাক্ৰান্ত ৰাইজক খাদ্য সামগ্ৰী যোগান ধৰাৰ লগতে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ধেমাজি জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে। বিহপুৰীয়া, মাজুলী, নাওবৈচা, লক্ষীমপুৰ, ঢকুৱাখনা, ধেমাজি আৰু জোনাই সমষ্টি সমূহত বানপানী গৰাখহনীয়া সমস্যাৰ সমাধানৰ সন্দৰ্ভত বিভাগৰ বিষয়া কৰ্মচাৰী সকলক নিৰ্দেশ দিয়াৰ লগতে বানত য’ত মথাউৰি চিঙিছে আৰু গৰাখহনীয়া হৈছে স্থানীয় ৰাইজৰ সহযোগত মেৰামতি কৰিবলৈও নিৰ্দেশ দিয়ে৷

উল্লেখযোগ্য যে জোনাই মহকুমাত আজিও ২০০ খনৰো অধিক গাঁও, ১০৭৯৩৫ হেজাৰ লোকৰ শ শ হেক্টৰ কৃষি ভূমি শ শ পশুধন প্ৰলয়ংকাৰী বানৰ কৱলত। ২০০০ চনত চীনৰ পৰা অহা বানে সৃষ্টি কৰা প্ৰলংকাৰী বানৰ তুলনাত এই বাৰৰ বানে আৰু অধিক ভয়ৱহতা দুৰ্যোগৰ সৃষ্টি কৰিলে। চিয়াং নদীৰ প্ৰৱল সোঁত আৰু দৌৰ কাৰণে SDRF ৰ বাহিনীয়ে বেৰা চাপৰি অঞ্চলৰ ১০ খনৰো অধিক গাঁৱত উদ্ধাৰ অভিযান চলাব পৰা নাই। বেৰা বেংগলীৰ মথাউৰীত বেৰা চাপৰিৰ ১০ খন গাঁৱৰ বন্যাৰ্তই পহু ধনেৰে সহবাস কৰি আছে। চিয়াং নদীৰ বানে যি বিভীষিকাময় পৰিৱেশৰ সৃষ্টি কৰিছে তাৰ বৰ্ণনা দিব একো নাই। চাং ঘৰৰ চালি লৈকে পানী। ঘৰ বাৰি গাঁও বুলিব একো নাই।

এই ভ্ৰমণকালত মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী ৰামেশ্বৰ তেলী, জোনাইৰ বিধায়ক ভূৱন পেগু, ধেমাজিৰ বিধায়ক ৰনোজ পেগু, ধেমাজি জিলাৰ উপায়ুক্ত নাৰসিংহ পাৱাৰ, বিহপুৰীয়া বিধায়ক দেবানন্দ হাজৰিকা, লক্ষীমপুৰৰ বিধায়ক উৎপল দত্ত, ধেমাজি জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰেড্ডী, অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত জোনাই মহকুমাধিপতি  পাৰ্থপ্ৰতীম বৈৰাগী,  ৰাজহ চক্ৰ বিষয়া , সোনবৰ চুতীয়া, মহকুমা ন্যায়িক দণ্ডাধীশ গায়ত্ৰী পাতিৰ, জোনাই মহকুমা আৰক্ষী বিষয়া ঋতুৰাজ দলে, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভীমকান্ত পেগু,  জোনাই মহকুমা কাৰ্যবাহী দণ্ডাধীশ প্ৰীতম কুমাৰ দাস, জোনাই ৰাজহ চক্ৰ বিষয়া (সংলগ্ন) নেকিব চৈয়দ বৰুৱা, লগতে জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়া কৰ্মচাৰী উপস্থিত থাকে৷

You might also like