জৰেগাঁৱত বাল্যবিবাহৰ বিৰুদ্ধে সজাগতা সভা : শোভাযাত্ৰা
নিয়মীয়া বাৰ্তা, ১১ ফেব্ৰুৱাৰী: বাল্যবিবাহ ঘটনাক কেন্দ্ৰ কৰি গোটেই অসমতে সৰৱ চৰ্চা চলি থকাৰ মাজতে আজি জৰেগাঁৱত ইয়াৰ বিৰুদ্ধে এক সজাগতা সভা অনুষ্ঠিত হয় । কোকৰাঝাৰ জিলাৰ ছালাকাটি উপ আৰক্ষী চকীৰ অন্তৰ্গত পূৰ্ব ডোকৰা জৰেগাঁও মধ্য ইংৰাজী বিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বক্তব্য দাঙি ধৰে চেদামাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা তথা ৰাজ্যিক-ৰাষ্ট্ৰীয় বঁটা লাভ কৰা কৃতি শিক্ষক কৃষ্ণ কান্ত দাসে । লৰাই হওঁক বা ছোৱালীয়েই হওঁক উপযুক্ত বয়স নোহোৱাতে বিবাহ পাশত আবদ্ধ হোৱাকে বাল্যবিবাহ বুলি কোৱা হয় বুলি উল্লেখ কৰি সম্প্ৰতি বাল্যবিবাহ, সতীদাহ প্ৰথা, ডাইনী হত্যা ইত্যাদি আইনগত ভাৱে নিষিদ্ধ কৰা হৈছে যদিও এনেধৰণৰ কাৰ্যকলাপ অবাধ গতিত চলি আহিছে । আজি ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰা ৭৬ বছৰ অতিক্ৰম কৰিলে যদিও এনে ধৰণৰ অসামাজিক-অপসংষ্কৃতি কাৰ্যকলাপ কিন্তু চলি থাকিল । এইবাৰ কিন্তু অসম চৰকাৰে বিশেষকৈ বাল্যবিবাহ প্ৰতিৰোধৰ ওপৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে । বাল্য বিবাহৰ সতে জৰিত হাজাৰ হাজাৰ লোকক গ্ৰেপ্তাৰ কৰা হৈছে । এই বুলি উল্লেখ কৰি বিশেষকৈ কিশোৰ-কিশোৰী সকলক পঢ়া-শুনাত মনোনিবেশ কৰি নিজৰ ভৰিত নিজে থিয় দি উপযুক্ত বয়সত বিবাহ বন্ধনত আৱদ্ধ হবলৈ আহ্বান জনাই বিভিন্ন দিহা-পৰামৰ্শ আগবঢ়ায় অতিথি গৰাকী । জৰেগাঁও মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক নৱ কান্ত ৰায়, জৰেগাঁৱৰ গাঁওবুঢ়া ৰূপনাথ ৰায়, প্ৰধান শিক্ষক জগদ্বীশ ৰায় আদিয়ে বাল্যবিবাহৰ বিৰুদ্ধে বক্তব্য দাঙি ধৰে । পূৰ্ব ডোকৰা জৰেগাঁও মধ্য ইংৰাজী বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মাজিন চন্দ্ৰ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা দাঙি ধৰে সহ: শিক্ষক পঞ্চানন ৰায়ে । উল্লেখ য্যোগ্য যে আশা কৰা ধৰণে ৰাইজৰ উপস্থিতি পৰিলক্ষিত ন’হল ।
ভৃগু মুনি ৰায়, বাসুগাঁও