টেঙাইগাঁৱৰ কুমৰপাৰাত আদর্শ অংগণবাডী কেন্দ্ৰৰ আধাৰশিলা স্থাপন
নিয়মীয়া বাৰ্তা, ১৭ এপ্ৰিলঃ ৰাজ্যত সমাজকল্যান বিভাগে বিভিন্ন সমষ্টিত আদর্শ অংগণবাডী কেন্দ্রৰূপে বিবেচিত হোৱা কেন্দ্ৰ নিৰ্মাণৰ বাবে চৰকাৰে ২৫ লাখ টকা আবন্টন দিছে।এই আঁচনিৰ জৰিয়তে বঙাইগাঁও জিলাৰ ডাংতল গাওঁপঞ্চায়তৰ অন্তৰ্গত টেঙাইগাওঁৰ কুমৰপাৰাত আজি বঙাইগাঁও সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধৰীয়ে এটি আদর্শ অংগণবাডী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে । আধাৰশিলা স্থাপন কৰি বিধায়কগৰাকীয়ে কয় যে কেন্দ্ৰটোৰ নিৰ্মাণ কাম সম্পূৰ্ণ হলে শিশুসকলৰ শাৰীৰিক আৰু মানসিক বিকাশ সাধন কৰাৰ ক্ষেত্ৰত বিশেষভাৱে অৰিহণা আগবঢ়াব বুলি বক্তব্য প্ৰদান কৰে।উক্ত অনুষ্ঠানত নিৰ্মাণ কমিটিৰ সভাপতি অনিল কুমাৰ সিংহ ,সদস্য শশীভূষণ মেধী আৰু অভিযন্তা নৰেশ চন্দ্ৰ ৰাভা উপৰিও স্থানীয় ৰাইজ উপস্থিত থাকে।উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি টেঙাইগাওঁৰ কুমৰপাৰা গাঁও উন্নয়ন কমিটিয়ে এখন সম্বৰ্ধনা সভা আয়োজন কৰে।সুদীর্ঘকাল টেঙাইগাওঁৰ কুমৰপাৰাবাসী ৰাইজক সততা আৰু নিষ্ঠাৰে সেৱা আগবঢ়াই নিয়া বিধায়ক গৰাকীক ফুলাম গামোছা,অভিনন্দন পত্ৰ আৰু শৰাইৰে সম্বৰ্ধনা জনোৱা হয়।লগতে অঞ্চলৰ বিভিন্ন সমস্যাৰ সমাধানৰ বাবে বিধায়কক এখন স্মাৰক পত্ৰ প্রদান কৰে।
প্ৰেৰকঃ ভৃগুমণি ৰায়, বাসুগাওঁ।