নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিটেনচন কেম্পৰ পৰা জামিনত মুক্তি পোৱা ব্যক্তিলৈ বিদেশীৰ জাননী

নিয়মীয়া বাৰ্তা, ডিচেম্বৰঃ ভাৰতীয় নাগৰিকক বিদেশী তথা অবৈধ বাংলাদেশীৰ সন্দেহত গোচৰ ৰুজু কৰি হাৰাশাস্তি কৰাৰ অভিযোগ উঠিছে বঙাইগাঁও সীমান্ত আৰক্ষীৰ বিৰুদ্ধে ৷ বঙাইগাঁও জিলাত একাংশ সর্বসাধাৰণ লোকক বিদেশী নাগৰিক বুলি সন্দেহ কৰি গোচৰ ৰুজু কৰাৰ নামত সীমান্ত আৰক্ষীয়ে চলোৱা টোগলকী কাণ্ডৰ তথ্য পোহৰলৈ আহিছে ৷ বঙাইগাঁও জিলাৰ এজন লোকে ডিটেনচন কেম্পৰ পৰা জামিনত মুক্তি লাভ কৰাৰ কিছুদিন পাছতে সীমান্ত আৰক্ষীয়ে পুনৰ বিদেশী ন্যায়াধিকৰণৰ জাননী প্রেৰণ কৰে ৷ ডিটেনচন কেম্পৰ বন্দিত্ব জীৱনৰ পৰা মুকলি হৈ অহাৰ পাছতে পুনৰ বিদেশী ন্যায়াধিকৰণৰ জাননী লাভ কৰাত স্তম্ভিত হৈ পৰিছে পৰিয়ালৰ লোক ৷ আনকি ডিটেনচন কেম্পত বন্দী হৈ থকাৰ সময়তে জাননী জাৰি হোৱাৰ তথ্য পোহৰলৈ অহাত চাঞ্চল্য সৃষ্টি হৈছে ৷ ঘটনাটো বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ অন্তর্গত যোগীঘোপাৰ ৷ প্রাপ্য তথ্য মতে, বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তর্গত চটপাৰা চৰ গাঁৱৰ বাসিন্দা আলী আকবৰে যোৱা চাৰিটা বছৰে বিদেশী নাগৰিকৰ কলংক মূৰত লৈ গোৱালপাৰা ডিটেনচন কেম্পত বন্দিত্ব জীৱন কটাই উচ্চতম ন্যায়ালয়ৰ ডব্লিউ পি (চি) ১০৪৫/১৮ নম্বৰ গোচৰৰ ৰায়দানৰ ভিত্তিত যোৱা ২১ নৱেম্বৰত উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ৰ আধাৰত জামিনত ওলাই আহে ৷ কিন্তু আশ্চর্যজনকভাৱে সুদীর্ঘ চাৰি বছৰ গোৱালপাৰা ডিটেনচন কেম্পত বন্দিত্ব জীৱন কটাই জামিনত মুকলি হৈ অহাৰ এসপ্তাহ পাছতেই বঙাইগাঁও জিলা সীমান্ত আৰক্ষীয়ে পুনৰ তেওঁলৈ এখন জাননী প্রেৰণ কৰিছে ৷ বঙাইগাঁও জিলাৰ অভয়াপুৰীস্থিত উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতিৰ কার্যালয়ত সংলগ্ণ ২নং বঙাইগাঁও বিদেশী ন্যায়াধিকৰণৰ সদস্যৰ ছীল–মোহৰ থকা মেমো নং ৫৭/২০১৯ৰBNGN 2)APR/FT- 192/2019 PE NO- 1868/2003)নং গোচৰৰ ভিত্তিত বঙাইগাঁও জিলাৰ সীমান্ত আৰক্ষীয়ে যোৱা ২৯ নৱেম্বৰত আলী আকবৰলৈ পুনৰ বিদেশীৰ সন্দেহত জাননী প্রেৰণ কৰে ৷ যোৱা ২০ নৱেম্বৰত বিদেশী ন্যায়াধিকৰণে জাৰি কৰা জাননীখনত অহা ১০ তাৰিখে বিদেশী ন্যায়াধিকৰণৰ আদালতত হাজিৰ হৈ উপযুক্ত প্রমাণসহ লিখিত উত্তৰ দাখিল কৰিবলৈ নির্দেশ দিয়া হৈছে ৷ বিদেশী আইন, ১৯৪৬ চনৰ ৯নং ধাৰা মতে, তেওঁক কিয় এজন বিদেশী বুলি চিনাক্ত কৰা নহয়, তাৰ উপযুক্ত কাৰণ তথা প্রমাণ দাখিল কৰিবলৈ আলী আকবৰলৈ প্রেৰণ কৰা জাননীত উল্লেখ৷ উল্লেখ্য যে বঙাইগাঁও জিলা সীমান্ত আৰক্ষীয়ে ২নং বঙাইগাঁও বিদেশী ন্যায়াধিকৰণ আদালতত ৰুজু কৰাBNGN/FT/1432/2007 BNGN PE . NO 177/2005) নম্বৰ গোচৰৰ ভিত্তিত বিদেশী ন্যায়াধিকৰণে নথিপত্রত থকা নামৰ সামান্য ভুলৰ বাবে আলী আকবৰক ২০১৫ চনৰ ৩১ ডিচেম্বৰত এক ৰায়যোগে বিদেশী বুলি ঘোষণা কৰিছিল৷ উক্ত আদালত চৌহদৰ পৰাই সীমান্ত আৰক্ষীয়ে আলী আকবৰক গ্রেপ্তাৰ কৰি গোৱালপাৰা ডিটেনচন কেম্পত বন্দী কৰি ৰাখে৷ সুদীর্ঘ চাৰিটা বন্দিত্বৰ জীৱন কটাই উচ্চতম ন্যায়ালয়ৰ তিনি বছৰ সম্পন্ন কৰা বন্দীক চর্তৰ ভিত্তিত মোকলাই দিবলৈ জাৰি কৰা নির্দেশনাৰ ভিত্তিত যোৱা ২১ নৱেম্বৰত জামিনত মুক্তি লাভ কৰে আলী আকবৰে৷ আইনৰ দৃষ্টিত বিদেশী আলী আকবৰলৈ একে সীমান্ত আৰক্ষীয়ে পুনৰ একেই বিদেশী ন্যায়াধিকৰণৰ জাননীৰ ভিত্তিত কি কাৰণত একে অপৰাধত পুনৰ এটা গোচৰ ৰুজু কৰি মকর্দমা চলাব বিচাৰিছে, সেয়া সম্প্রতি ৰহস্যৰ বিষয়৷ যিহেতু যোৱা ২০ নৱেম্বৰত আলী আকবৰ গোৱালপাৰা ডিটেনচন কেম্পত বন্দী হৈ আছিল, উক্ত দিনাই কেনেকৈ পুনৰ জাননী জাৰি কৰা হ’ল, সেয়াও বৃহৎ প্রশ্ণ৷ আনহাতে, ন্যায়াধিকৰণে ২০১৫ চনৰ ৩১ ডিচেম্বৰত আলী আকবৰক বিদেশী বুলি ৰায় দিছেই, তেনে সময়তে পুনৰ এটা নতুন গোচৰ ৰুজু কৰাৰ ৰহস্য কি? এই সমগ্র বিষয়টো লৈ এতিয়া চাঞ্চল্য সৃষ্টি হোৱাৰ লগতে ঘটনাটো ৰহস্যৰ আৱর্তত সোমাই পৰিছে৷

You might also like