ডিব্রুগড় জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত উৎখাত বৃহৎ তেল চুৰি চক্র; তিনিজনক গ্রেপ্তাৰ
নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চঃ খোৱাঙত শনিবাৰে সন্ধিয়া ডিব্রুগড় জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলা এক অভিযানত খোৱাঙৰ মাজগাঁৱৰ ৩৭ নং ৰাষ্ট্রীয় ঘাইপথৰ কাষত থকা এখন ধাবাৰ পৰা এখন তেল টেংকাৰ, কিছু ড্রামসহ প্রায় দুহেজাৰ লিটাৰ পেট্র’ল আৰু ডিজেল জব্দ কৰে৷ গোপন সূত্রে জানিব পাৰি ডিব্রুগড় জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত আৰু খোৱাং আৰক্ষীৰ সহযোগত বগা হোটেল নামেৰে খ্যাত ধাবাখনত কালি সন্ধিয়া অভিযান চলায় দলটোৱে৷ উক্ত সময়তে ধাবাখনত এছ ০১ জি চি ১০৪০ নম্বৰৰ ট্রেংকাৰখনে তেল উলিয়াই থকা অৱস্থাত হাতেলোটে ধৰা পেলায়৷ লগে লগে টেংকাৰখনসহ তেলৰ ড্রামসমূহ জব্দ কৰি খোৱাং আৰক্ষী থানালৈ লৈ আহে৷ ইফালে, এই চুৰিকাণ্ডৰ সৈতে জড়িত তিনিজন লোক ক্রমে মঙলদৈৰ দুধনাথ চৌহান, ৰাকেশ চৌহান আৰু খোৱাঙৰ বুদ্ধিন্দ্র সোণোৱালক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে৷ অৱশ্যে ধাবাৰ মালিকজন পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে৷ আৰক্ষীয়ে ইতিমধ্যে এই তেল চুৰি চক্রৰ সৈতে জড়িত লোকৰ সন্ধানত ধাবাখনত অনুসন্ধান অব্যাহত ৰাখিছে৷ উল্লেখ্য যে খোৱাঙৰ ৰাষ্ট্রীয় ঘাইপথৰ কাষত থকা দুখনমান ধাবাত চোৰাং তেলৰ ব্যৱসায় চলি থকাৰ এক অভিযোগ দীর্ঘদিনৰ পৰা উঠি আহিছে৷