নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত চাঞ্চল্যকৰ হত্যাকাণ্ড

আৰক্ষীৰ তদন্তত বিস্ফোৰক তথ্য

ডিব্ৰুগড়ঃ ডিব্ৰুগড় চহৰৰ মাজমজিয়াত চাঞ্চল্যকৰ হত্যাকাণ্ড। মঙলবাৰে সন্ধিয়া সংঘটিত হোৱা গুলীচালনাত নিহত হয় ওম প্ৰকাশ আগৰৱালা নামৰ এজন ব্যবসায়ী। বাসগৃহৰ পৰা প্ৰায় ১০০ মিটাৰ আঁতৰত সংঘটিত হয় এই ঘটনা। দুৰ্বৃত্তই হত্যা কৰি লোকজনৰ পৰা কাঢ়ি নিছিল ধনৰ বেগ। ঘটনাসন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। এখন বিউটি পাৰ্লাৰৰ পৰা সংগ্ৰহ কৰা এটা CCTV ফুটেজ অনুসৰি এয়া এক ডকাইটিকাণ্ড আৰু দুজনীয়া ডকাইতৰ দলে এই ঘটনা সংঘটিত কৰা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে  অনুসন্ধান অব্যাহত ৰাখিছে। নিহত লোকজনৰ মূৰত স্পষ্ট চোকা অস্ত্ৰৰ আঘাতৰ চিন আৰু ঘটনাস্থলীত উদ্ধাৰ হৈছিল এটা খালী কাৰ্টিজ। আনহাতে নিহত ওম প্ৰকাশ আগৰৱালাৰ পৰিয়াললৈ ৫লাখ টকা সাহায্য ঘোষণা মুখ্যমন্ত্ৰী সোণোৱালৰ।