নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজত ড্ৰাগছৰ বেহা 

২৪ ঘন্টাত ১১জনক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ১ফেব্ৰুৱাৰীঃ আচৰিত যেন লাগিলেও সত্য। অসম চিকিৎসা মহাবিদ্যালয়ত নিষিদ্ধ ড্ৰাগছৰ বেহা! ৰাজ্যৰ আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান আজিও অব্যাহত আছে। ৰাজ্যখনক ড্ৰাগছমুক্ত কৰিবলৈ ডিব্ৰুগড় আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি অসম চিকিৎসা মহাবিদ্যালয়ৰ চৌহদৰ এনইচি হোষ্টেলৰ কাষৰ পৰা ৫৩:০৫ গ্ৰাম হে’ৰইন জব্দ কৰাৰ লগতে সাতজন ব্যক্তিক ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িতৰ অভিযোগত আটক কৰি পাছত গ্ৰেপ্তাৰ কৰে।

মিৰ্জা উম্মিদ বাইড (৩৫), বিপিন ৰাৱট (২৯), জিন্তু থাপা (২৭), অভিষেক কৰ্মকাৰ (২০), হিমু মেছ (২০) আৰু বিশাল নেহাৰ (২৪) বিকি পাণ্ডে (২৪) নামৰ সাতজন যুৱকক আৰক্ষীয়ে আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে। যুৱককেইজনৰ পৰা আৰক্ষীয়ে ৬টা ড্ৰাগছভৰ্তি কন্টেইনাৰত ৫৩.০৫ গ্ৰাম হেৰইন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। লগতে এখন পালচাৰ বাইক, এখন স্কুটি আৰু ৮ টা মবাইল ফোন জব্দ কৰিছে আৰক্ষীয়ে। অৱশ্যে মূল অপৰাধীজন আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰে বুলি জানিব পৰা গৈছে।

আনহাতেদি ডিব্ৰুগড় আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ৰ মূল মাষ্টৰ মাইণ্ডক আটক কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছে। ইতিম্যেই ডিব্ৰুগড় সদৰ আৰক্ষীয়ে ৬৩/২০২২ নং গোচৰ পঞ্জীয়ন কৰি ভাৰতীয় দণ্ড বিধিৰ ২২(৬)/২৫/২৭/২৯ এন ডি পি এছত গ্ৰেপ্তাৰ কৰি সোধা পোছা অব্যাহত ৰাখিছে।

আনহাতে ডিব্ৰুগড় বিভিন্ন প্ৰান্তত আৰক্ষীয়ে অভিযান চলাই ইতিমধ্যে কেইবাজনো ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ আৰু বহু পৰিমাণে নিষিদ্ধ ড্ৰাগছ জব্দ কৰিছে যদিও অৱশেষত অসম চিকিৎসা মহাবিদ্যালয়ৰ চৌহদতো ড্ৰাগছ ব্যৱসায়ৰ ঘাটি পতাৰ কাৰ্যই যথেষ্ট উদ্বেগৰ বিষয় হৈ পৰিছে।

আনহাতেদি শেহতীয়া বাতৰি মতে ডিব্ৰুগড়ৰ আইথান মিঞাপট্টিৰ পৰা এগৰাকী যুৱতীসহ এজন যুৱক আৰু মৰাণৰ পৰা দুজনক ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে যদিও বিতং প্ৰকাশ কৰাৰ পৰা আৰক্ষী বিৰত আছে।

প্ৰেৰক  বিভাস দুৱৰা।

You might also like