ডিব্ৰুগড়ৰ সুৰক্ষা কৱছ ব্ৰহ্মপুত্ৰৰ মঠাউৰী যিকোনো প্ৰকাৰে নিৰ্মাণ কৰকঃ শংকৰজ্যোতি
জলসম্পদ বিভাগৰ চকুৰ আগত খহাইছে চপৰা চপৰে মথাউৰি!
নিয়মীয়া বাৰ্তা, ১৫ অক্টোবৰ: আজিও অপৰিবৰ্তিত ৰূপত আছে ডিব্ৰুগড়ৰ মাইজান অঞ্চলত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া।জি’অবেগ,মথাউৰিৰ মাটি কাটি বস্তাত ভৰাই খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থাও অথলে গৈছে। বিয়াগোম জলসম্পদ বিভাগৰ নেৰানেপেৰা সকলো প্ৰচেষ্টা বিফল হোৱা দেখা গৈছে।খহনীয়াত জাহ গৈছে শ-শ জি’অবেগ।জলসম্পদ বিভাগৰ চকুৰ আগত খহাইছে চপৰা চপৰে ভূমি।উটি গৈছে পাৰ্কুপাইন,খহনীয়া প্ৰতিৰোধ সামগ্ৰী।মুঠৰ ওপৰত ব্ৰহ্মপুত্ৰৰ পানী সামান্য কমিলেও কিন্তু খহনীয়া অপৰিৱৰ্তিত।মাইজানৰ ৮ টাকৈ পৰিয়ালৰ বাসগৃহ জাহ যোৱাৰ পাছত আতংকত মথাউৰীৰ ওপৰত আশ্ৰয় লৈছে মুঠ ৪৭ টা পৰিয়ালে।ছয়টা বাসগৃহ সহ সা-সম্পত্তি, কৃষি-ভূমি ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ যোৱাৰ পাছত আতংকত ৪৭ টা পৰিয়ালে আজিও বাস কৰিছে মথাউৰীৰ ওপৰতে।আজি খহনীয়া স্থলি পৰিদৰ্শন কৰি ক্ষোভিত হৈ পৰে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি গগৈ।ডিব্ৰুগড়ৰ সুৰক্ষা কৱছ ব্ৰহ্মপুত্ৰৰ মঠাউৰী যিকোনো প্ৰকাৰে নিৰ্মাণ কৰি ডিব্ৰুগড়ক ৰক্ষা কৰিবলৈ দাবী জনায়।ডিব্ৰুগড়ৰ মাইজানত ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়াই দুশ মিটাৰ পৰ্যন্ত সুৰক্ষা বান্ধটো খহাই নিয়াৰ ফলত এতিয়াও আতংকৰ মাৰ যোৱা নাই।আজি আছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক শংকৰজ্যোতি গগৈ সহ এটা প্ৰতিনিধি দল উপস্থিত হৈ সামগ্ৰিক পৰিস্থিতি বুজ লয়।ব্ৰহ্মপুত্ৰই সময়ে সময়ে লোৱা ভয়ংকৰ ৰূপত ৰাইজে ত্ৰাহি মধুসূদন দেখি আহিছে যদিও বিয়াগোম জলসম্পদ বিভাগে এনে সমস্যাৰ কেতিয়াও অৱসান নিবিচাৰে বুলি আক্ষেপ প্ৰকাশ কৰি বিভাগে মঠাউৰী কাটি মঠাউৰী নিৰ্মাণ কৰিব লগা হোৱাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিভাগৰ জি’অবেগ সমুহো প্ৰচণ্ড সুতে উটুৱাই নিয়া কাৰ্যৰ ক্ষোভ উজাৰে।ছাত্ৰ নেতাগৰাকীয়ে জলসম্পদ বিভাগে বান-গড়াখহনীয়াক সদায় খিৰতী গায় ৰূপে থাকিবলৈ দিয়ে বুলি কৈ গাখীৰ দিয়া গাই জনীক সদায় জীয়াই ৰাখিবলৈ চেষ্টা কৰে বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে শংকৰজ্যোতিয়ে।আছুৱে দীৰ্ঘদিন গড়াখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ বাবে ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰি পেকেজ গোষণা কৰিবলৈ দাবী জনাই আহিছে যদিও সেইয়া কেতিয়াও কৰিব নিবিচাৰে বুলি অভিযোগ কৰি উপযুক্ত পৰিকল্পনা আৰু প্ৰযুক্তি নোহোৱাৰ বাবেই বাৰম্বাৰ জলসম্পদ বিভাগৰ প্ৰচেষ্টা বিফল হৈছে বুলি কৈ যিকোনো প্ৰকাৰে ডিব্ৰুগড়ক ৰক্ষা কৰাৰ বাবে, খহনীয়া প্ৰতিৰোধ কৰিবলৈ দাবী জনায়।আনহাতেদি খহনীয়াত ক্ষতিগ্ৰস্ত পৰিয়াল সমূহক চাউল,দাইল,মিঠাতেল,আলু, পিয়াঁজ সহ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে।চৰকাৰ তথা বিভাগীয় কতৃপক্ষই যথা সময়ত ডিব্ৰুগড়ৰ এই অঞ্চলত খহনীয়া প্ৰতিৰোধৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই আজি দুৰ্ভোগ ভুগিব লগা হৈছে বুলি আছুৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গৃহমন্ত্ৰী অমিত শ্বাহে পাঁচ বছৰৰ পাছত বান, গড়খহনীয়া মুক্ত অসম গঢ়াৰ কথাৰে কথাৰ ফুলজাৰি মাৰিবলৈ আহে বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।সেয়ে প্ৰকৃতাৰ্থত শ্ৰীঘেই বিজ্ঞানসন্মত পদক্ষেপ গ্ৰহণ কৰিবলৈকো দাবী জনায়।আনহাতে বিহাৰ, গুজৰাট,কেৰেলা,উত্তৰ প্ৰদেশৰ বানত কেন্দ্ৰৰ সকলো মন্ত্ৰী,সাংসদ উবুৰি খাই পৰে।কিন্তু অসমৰ ক্ষেত্ৰত কোনো দিনে কেন্দ্ৰত থকাসকলে অসমৰ ৰাইজৰ দুখ-দুৰ্দশাৰ বুজকে নলয়।আনকি স্থানীয় বিধায়ক বিনোদ হাজৰিকাই ৰাইজৰ ৰোষত পৰাৰ ভয়ত কাহলি পুৱাতে খহনীয়া প্ৰত্যক্ষ কৰিলে যদিও ৰাইজৰ দুখ-দুৰ্দশা বুজ নললে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শ্ৰীঘে বন্যাতক বান সাহাৰ্য আৰু গড়াখহনীয়া প্ৰতিৰোধৰ বাবে উন্নত প্ৰযুক্তিৰ ব্যৱহাৰৰ দাবী জনায় আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই।
ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা