নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড় জিলা দবা প্ৰতিযোগিতা সম্পন্ন: মুকলি শাখাত লাইশ্ৰাম ইমচা আৰু মহিলা শাখাত দীক্ষা ৰাভা চূড়ান্ত বিজয়ী

নিয়মীয়া বাৰ্তা, ২ মে’: যোৱা ২৯ এপ্ৰিলৰ পৰা নাহৰকটীয়া দবা সন্থা আৰু নাহৰকটীয়া মহাবিদ্যালয় আভ্যন্তৰীণ মান নিশ্চিত কৰণ কোষৰ উদ্যোগত অনুষ্ঠিত হোৱা ডিব্ৰুগড় জিলা দবা প্ৰতিযোগিতা খন কালি সমাপ্তি ঘটে। ডিব্ৰুগড়, দুলিয়াজান, ভাদৈ পাঁচআলি, মোহনবাৰী, টেঙাখাত, নামৰূপ আৰু নাহৰকটীয়াৰ মুঠ ১২২ গৰাকী প্ৰতিযোগিয়ে ভাগ লোৱা এই প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে যোগদান কৰে আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ তথা সৰ্বভাৰতীয় দবা সন্থাৰ কাৰিকৰী সমিতিৰ সদস্য লাইশ্ৰাম ইমচাই । গোলাপ চন্দ্ৰ গগৈ আৰু তৰুণ জ্যোতি গগৈয়ে আৰ্বিটাৰৰ দায়িত্ব পালন কৰা প্ৰতিযোগিতা খনৰ বিভিন্ন শাখাত পুৰস্কাৰ লাভ কৰা খেলুৱৈ সকল হল ক্ৰমে ৭ বছৰ অনুৰ্ধ লৰাৰ শাখাত নিবিড় ডেকা প্ৰথম, দীক্ষিত ৰয় দ্বিতীয়,পূর্বাংশু প্ৰভাত গগৈ তৃতীয়, ছোৱালীৰ শাখাত উৰ্বী ফুকন প্ৰথম, ৯ বছৰ অনুৰ্ধ লৰাৰ শাখাত আবিৰ গগৈ প্ৰথম, সত্যব্ৰত এছ ভাৰত দ্বিতীয় আৰু অভাস ৰাজপুত তৃতীয়, ছোৱালীৰ শাখাত পাৰিজাত সিনহা প্ৰথম, ভিক্টৰীয়া গগৈ দ্বিতীয় আৰু এনাক্ষী শালিনী গগৈ তৃতীয়, ১১ বছৰৰ অনুৰ্ধ লৰাৰ শাখাত মাধুদবিশ গগৈয়ে প্ৰথম, সৎনত বৰুৱাই দ্বিতীয় আৰু অংশুমান গগৈয়ে তৃতীয়, ছোৱালীৰ শাখাত নিমিষা নেৱাৰে প্ৰথম এলেক্সাণ্ডিয়া গগৈয়ে দ্বিতীয় আৰু টুইলিন গগৈয়ে তৃতীয়, ১৩ বছৰ অনুৰ্ধ লৰাৰ শাখাত নমন নেৱাৰে প্ৰথম, মৃন্ময় গগৈ দ্বিতীয় আৰু দৃশী হাজৰিকাই তৃতীয়, ছোৱালীৰ শাখাত অন্বেষা বুঢ়াগোঁহাইয়ে প্ৰথম, ফ্ৰিয়াংশ্ৰী ফুকনে দ্বিতীয় আৰু অনুস্কা বৰুৱাই তৃতীয়, ১৫ বছৰ লৰাৰ শাখাত হিতাৰ্থ প্ৰতীম বুঢ়াগোঁহাইয়ে প্ৰথম, ময়ুখ মাৰ্টিন কোঁৱৰে দ্বিতীয় আৰু আৰিজ জাৰ্মানে তৃতীয়, ছোৱালীৰ শাখাত বৈষ্ণৱী লিম্বুয়ে প্ৰথম আৰু জাষ্টিনা গগৈয়ে দ্বিতীয়, ১৭ বছৰ লৰাৰ অনুৰ্ধ শাখাত প্ৰিয়ানুজ দত্তই প্ৰথম, আয়ুষ্মান শইকীয়াই দ্বিতীয় আৰু বিশাল বৰুৱাই তৃতীয়, ১৯ বছৰ অনুৰ্ধ শাখাত অৰ্ণৱ জ্যোতি গগৈয়ে প্ৰথম, অবিনাশ পি গগৈয়ে দ্বিতীয় আৰু নেত্রদীপ দাসে তৃতীয় স্থান অধিকাৰ কৰে। আনহাতে মহিলাৰ শাখাত দীক্ষা ৰাভাই আৰু ৫০ বছৰ উৰ্ধ শাখাত ঘনকান্ত চেতিয়াই বিজয়ীৰ খিতাপ অর্জন কৰাৰ লগতে মুকলি শাখাত লাইশ্ৰাম ইমচাই প্ৰথম অনুৰাগ শইকীয়াই দ্বিতীয় আৰু অভ্ৰনীল বুঢ়াগোঁহাইয়ে তৃতীয় স্থান অধিকাৰ কৰে। খেলৰ শেষত অনুষ্ঠিত বঁটা বিতৰণী সভাত নাহৰকটীয়া মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চিত কৰণ কোষৰ সমন্বয়ক ডঃ অনন্ত কুমাৰ বৰুৱা, ডিব্ৰুগড় জিলা দবা সন্থাৰ সভাপতি প্ৰবীণ গগৈ, সম্পাদক মাণিক গগৈ আদি উপস্থিত থাকি বিজয়ী সকলক বঁটা সমূহ বিতৰণ কৰে। উল্লেখযোগ্য যে বিভিন্ন শাখাৰ বিজয়ী খেলুৱৈ সকলে ২০২৩ বৰ্ষৰ আন্তঃজিলা দবা প্ৰতিযোগিতাত ডিব্ৰুগড় জিলাক প্ৰতিনিধিত্ব কৰিব।

You might also like