নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“ডেৰশ বছৰত অসমত মুছলমানৰ সংখ্যা ১.৭৪ লাখৰ পৰা ১.১২ কোটিলৈ বৃদ্ধি”-কলিতা সন্মিলনী

নিয়মীয়া বার্তা, ২৬ নৱেম্বৰঃ ৬০ লাখ বাংলাদেশী (মুছলমান)ৰ আগ্রাসনক প্রতিৰোধ কৰাৰ নামত আছু আৰু গণ সংগ্রাম পৰিষদৰ যৌথ নেতৃত্বত ১৯৭৯ চনৰ পৰা অসমত বাস কৰা খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ স্থায়িত্ব আৰু একক পৰিচয় অক্ষুণ্ণ ৰখাৰ স্বার্থত চলা অসম আন্দোলনৰ দুখজনক পৰিণতি ১৯৮৫ চনৰ অসম চুক্তি আছিল বুলি তীব্রভাৱে কটাক্ষ কৰিছে কলিতা জনগোষ্ঠী সন্মিলন, অসমৰ সভাপতি ড০ সোণেশ্বৰ কলিতাই ৷ এটা বিজ্ঞপ্তিযোগে সভাপতিগৰাকীয়ে কয় যে ৮৫৫ জন শ্বহীদৰ আৰু লক্ষ লক্ষ খিলঞ্জীয়া অসমীয়াৰ ত্যাগক ভৰিৰে গচকি একমাত্র ক্ষমতা হস্তান্তৰৰ নামত কৰিছিল অসম চুক্তি৷ অসম চুক্তি ৰূপায়ণৰ নামত ক্ষমতা হস্তগত কৰা অগপ, কংগ্রেছকে ধৰি সকলো ৰাজনৈতিক দল–সংগঠনে ৩৫ বছৰে অসম চুক্তিৰ নামত ৰাজনীতিহে কৰিলে৷ ২০১৯ চনৰ ৩১ আগষ্টত উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত প্রকাশিত এনআৰচিত মুছলমান বাংলাদেশীৰ পৰিৱর্তে অসমৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ বৃহৎ অংশ এটাৰহে নাম বাদ পৰিল৷ যিসকলৰ বিৰুদ্ধে আন্দোলন কৰিছিল, তেওঁলোকে এনআৰচিৰ চূডান্ত খচৰা প্রকাশ হোৱাৰ পিছতে ফটকা ফুটাই, মিঠাই বিতৰণ কৰি আনন্দ–উল্লাস কৰিলে আৰু খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ অনাহূত পৰিস্থিতিৰ বাবে হুমুনিয়াহ কাঢ়িব লগা হ’ল৷ ১৮৭১–৭২ চনৰ লোকপিয়লত চিলেট জিলাক বাদ দি অসমত মুছলমানৰ জনসংখ্যা এক লাখ চৌসত্তৰ হাজাৰ আঠশ আঠাশীজনৰ বিপৰীতে ২০১১ চনৰ লোকপিয়লত এক কোটি বাৰ লাখৰ অধিক হ’ল ৷ ২০২১ চনত এই সংখ্যা এক কোটি পঞ্চাশ লাখৰ সীমা পাৰ হ’লেও আচৰিত হ’ব লগা একো নাথাকিব ৷ সেয়েহে কেন্দ্রীয় চৰকাৰৰ হৈ যোৱা ২১ নৱেম্বৰত কেন্দ্রীয় গৃহমন্ত্রীয়ে ৰাজ্যসভাত এক দেশ এক এনআৰচি নীতিৰে সমগ্র ভাৰতবর্ষতে ’৫১ চনক ভিত্তিবর্ষ হিচাপে লৈ এনআৰচি প্রস্তুত হ’ব বুলি কৰা ঘোষণাই অসমৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ মাজত আশাৰ সঞ্চাৰ কৰিছে ৷ অসমৰ যোৰহাট আৰু শিৱসাগৰ জিলাক বাদ দি সমগ্র নামনি অসম, মধ্য অসম আনকি উজনি অসমতো মুছলমান বাংলাদেশীয়ে খিলঞ্জীয়া মানুহৰ মাটি–ভেটি, অর্থনীতি, ৰাজনীতি, ভাষা ধবংসৰ গভীৰ ষডযন্ত্রত লিপ্ত বুলি তীব্র ক্ষোভ প্রকাশ কৰে কলিতাই ৷ মুছলমান অধ্যুষিত এলেকাত মাতৃভাষা অসমীয়াৰ পৰিৱর্তে বঙালী আৰু মিঞা ভাষাক প্রাধান্য দিয়াৰ বাবে অসমত মাতৃভাষা অসমীয়াৰ পৰিৱর্তে বঙালীভাষীৰ সংখ্যা তীব্র গতিত বৃদ্ধি পাইছে ৷ সেয়েহে সময় থাকোঁতে অসমৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহে ঐক্যবদ্ধভাৱে নতুন এনআৰচিৰ বাবে মাৰ বান্ধি থিয় হ’ব লাগে ৷ এইক্ষেত্রত হিন্দু বাংলাদেশীক লৈ সমগ্র অসমত তাল–ফাল লগোৱা এচাম জাতীয় দল–সংগঠন মুছলমান বাংলাদেশীৰ ক্ষেত্রত নিশ্চুপ কিয় বুলি প্রশ্ণ উত্থাপন কৰে কলিতা জনগোষ্ঠী সন্মিলন, অসমে ৷ আনহাতে, অসমৰ কেইটামান জনগোষ্ঠীক জনজাতিকৰণ কৰি অতি প্রাচীন জনগোষ্ঠী কলিতাসকলক অসমত তৃতীয় শ্রেণীৰ নাগৰিক কৰিব বিচৰা অসম তথা কেন্দ্রৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ কার্যত অসন্তুষ্টি প্রকাশ কৰি একেটা বিজ্ঞপ্তিৰ জৰিয়তে অসমৰ কলিতাসকলকো জনজাতিকৰণ তালিকাত অন্তর্ভুক্ত কৰিবলৈ দাবী জনায় ৷ অন্যথা আগন্তুক ২০২১ চনৰ বিধানসভা নির্বাচনত মিত্রজোঁটৰ আটাইবোৰ দলক অসমত বাস কৰা ৭০ লাখ কলিতাই সর্বশক্তিৰে বাধা দিয়াৰ ব্লু–প্রিণ্ট অহা ২৫ ডিচেম্বৰত মঙলদৈত অনুষ্ঠিত হ’বলগীয়া কলিতা জনগোষ্ঠী সন্মিলন, অসমৰ মহামিলন সমাৰোহত ঘোষণা কৰা হ’ব বুলি সন্মিলনৰ সাধাৰণ সম্পাদক দেৱকুমাৰ ডেকাই ব্যক্ত কৰিছে ৷

You might also like