ডেৰ লক্ষাধিক ভোটত জয়ী কৰাই ড০ হিমন্ত বিশ্ব শর্মাক বিধানসভালৈ প্রেৰণৰ পণ সতীর্থৰ
বেজেৰাৰ খেহেনীপাৰাত বিজেপিৰ সংকল্প যাত্রা–সমর্পণ দিৱস
নিয়মীয়া বাৰ্তা ১২ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত আগন্তুক নির্বাচনত জালুকবাৰীৰ বিধায়ক হিচাপে ড০ হিমন্ত বিশ্ব শর্মাই ডেৰ লক্ষাধিক ভোট লাভ কৰি প্রথম স্থানত থাকিব লাগিব৷ বিজেপিৰ বেজেৰা মণ্ডলৰ সভাপতি দিলীপ ডেকাই আজি সংকল্প যাত্রা সমাৰোহত কর্মীসকলক এই লক্ষ্যৰে কাম কৰি যোৱাৰ আহ্বান জনাই নির্বাচনী প্রচাৰ আৰম্ভ কৰে৷ লগতে মণ্ডল সমিতিৰ সভাপতি দিলীপ ডেকাই ভাৰতীয় জনতা পার্টীৰ মিছন ১০০ প্লাছ সফল হ’ব বুলি আশা প্রকাশ কৰি পুনৰ ভাৰতীয় জনতা পার্টীৰ নেতৃত্বত চৰকাৰ গঠন হ’ব বুলি দাবী কৰে৷ ভাৰতীয় জনতা পার্টীৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ অন্তর্গত বেজেৰা মণ্ডলৰ উদ্যোগত আজি বেজেৰা ৰাজহুৱা প্রেক্ষাগৃহত আয়োজন কৰা হয় সংকল্প যাত্রা সমাৰোহ আৰু সমর্পণ দিৱস৷ নির্বাচনৰ অধিসূচনা জাৰি কৰাৰ পূর্বে ড০ হিমন্ত বিশ্ব শর্মাৰ জালুকবাৰী সমষ্টিত নির্বাচনী ৰণডংকা হিচাপে বেজেৰা মণ্ডলৰ উদ্যোগত পুৱা ১০বজাত সংকল্প যাত্রাৰ শুভাৰম্ভণী কৰা হয় খেহেনীপাৰাত৷
৫ শতাধিক দলীয় কর্মীয়ে হাতে হাতে দলীয় পতাকা আৰু বেনাৰ লৈ খেহেনীপাৰাৰ পৰা সমদল কৰি বেজেৰা ৰাজহুৱা প্রেক্ষাগৃহত উপস্থিত হয়৷ ভাৰতীয় জনতা পার্টী জিন্দাবাদ, হিমন্ত বিশ্ব শর্মা জিন্দাবাদ, মিছন ১০০ প্লাছ সফল হওক, সর্বানন্দ সোণোৱাল জিন্দাবাদ আদি ধ্বনি দিয়ে দলৰ কর্মীসকলে৷ ইয়াৰ পাছত বেজেৰা ৰাজহুৱা প্রেক্ষাগৃহত অনুষ্ঠিত হয় সমর্পণ দিৱস৷ বেজেৰা মণ্ডলৰ সভাপতি দিলীপ ডেকাৰ সভাপতিত্ব অনুষ্ঠিত কৰা সমর্পণ দিৱসৰ উদ্দেশ্য ব্যাখ্যা কৰে মণ্ডল সমিতিৰ সাধাৰণ সম্পাদক ভাস্কৰজ্যোতি কলিতাই৷ ভাৰতীয় জনতা পার্টীৰ অন্যতম প্রতিষ্ঠাপক দীনদয়াল উপাধ্যায়ৰ মৃত্যু দিৱস উপলক্ষে অনুষ্ঠিত সংকল্প দিৱসত বেজেৰা মণ্ডল যুৱ মর্চাৰ সভাপতি মানসপ্রতিম ডেকা, বেজেৰা মণ্ডলৰ উপ–সভাপতি চন্দনা মহন্ত বণিয়া, শৰাইঘাট জিলা পৰিষদৰ সদস্য নয়নমণি বডা, মহিলা মর্চাৰ ৰাজ্যিক কার্যনির্বাহক নিজৰা চমুৱা উপস্থিত থাকে৷ আজি দলৰ সমর্পণ দিৱসৰ কার্যসূচীত ভাৰতীয় জনতা পার্টীৰ নীতি আৰু আদর্শৰ প্রতি আস্থা প্রদর্শন কৰি তিনি শতাধিক লোকে যোগদান কৰে বিজেপিত৷ ইয়াৰ ভিতৰত ছাত্র সন্থাৰ কর্মী শতাধিক৷ মান্দাকাটা পঞ্চায়ত আৰু বেজেৰা পঞ্চায়তৰ সংখ্যালঘু সম্প্রদায়ৰ অধিকাংশ মহিলাৰ লগতে ছাত্র সন্থাৰ কর্মীসকলে যোগদান কৰে ভাৰতীয় জনতা পার্টীত৷ পূব কামৰূপ ছাত্র সন্থাৰ প্রাক্তন সাধাৰণ সম্পাদক মৃণাল ডেকাৰ নেতৃত্বত যোগদান কৰা ছাত্র সন্থাৰ কর্মীসকলে আগন্তুক দিনত ভাৰতীয় জনতা পার্টী আৰু ড০ হিমন্ত বিশ্ব শর্মাৰ হৈ সমাগত নির্বাচনত কাম কৰাৰ সংকল্প গ্রহণ কৰে সমর্পণ দিৱসৰ কার্যসূচীত৷ উল্লেখ্য যে আজি ভাৰতীয় জনতা পার্টীত যোগদান কৰা সংখ্যালঘু সম্প্রদায়ৰ মহিলাসকল কংগ্রেছ দলৰ সমর্থক আছিল বুলি ঘোষণা কৰিছিল৷