ড্ৰাগছ-জুৱাৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ অভিযান
নিয়মীয়া বাৰ্তা, ১৩জুলাইঃ নিষিদ্ধ ড্ৰাগছ আৰু জুৱাৰ এক বৃহৎ নেটৱৰ্কক চলি আছে নগাঁৱত।এই ড্ৰাগছ আৰু জুৱাৰ কৱলত পৰি ইতিমধ্যে সৰ্বস্বান্ত হৈছে বহু লোক।আনকি ড্ৰাগছৰ কৱলত কৰি মৃত্যুমুখতো পৰিছে কে’বা গৰাকীও যুৱক- যুৱতী। নগাঁও আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে যদিও ড্ৰাগছৰ বেহা সম্পূৰ্ণ ৰূপে উৎখাত কৰিবলৈ সক্ষম হোৱা নাই।
ইপিনে,আজি নগাঁও সদৰ আৰক্ষী থানাত এক সংবাদমেল অনুষ্ঠিত কৰি নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) মোহনলাল মীনাই কয়যে,যোৱা ছয় মাহৰ পৰা নগাঁও আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান অধিক তীব্ৰতৰ কৰি তুলিছে।এই সময়ছোৱাত আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই মুঠ ৯৯গৰাকী লোকক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে। নিচাযুক্ত দ্ৰব্য সৰবৰাহ আইনৰ অধীনত পঞ্জীভুক্ত কৰা হৈছে ৫১টা গোচৰ।এই সময়ছোৱাত ৬৫হেজাৰ ড্ৰাগছ টেৱলেট,১৬হেজাৰ কফ চিৰাপ,১১কেজি ভাং,১.৩কিলোগ্ৰাম হিৰ’ইন,৩০০গ্ৰাম ব্ৰাউন চুগাৰো জব্দ কৰা হৈছে।নগাঁৱত ড্ৰাগছ নিৰ্মূল নোহোৱা পৰ্যন্ত ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থাকিব বুলিও আৰক্ষী বিষয়া জনে কয়।
ইপিনে, নগাঁও চহৰত কেইজনমান সমাজ বিৰোধী লোকৰ পৃষ্ঠপোষকতাত জুৱাৰ এক বৃহৎ নেটৱৰ্ক চলি থকাৰ বিষয়ে সদৰী কৰি নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মীনাই কয় যে,জুৱাৰ এই নেটৱৰ্ক সম্পূৰ্ণৰূপে উৎখাত কৰা হ’ব।ইয়াৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ অভিযান অধিক তীব্ৰতৰ কৰি তোলা হৈছে।যোৱা তিনি জুলাইত নগাঁও আৰক্ষীয়ে এক অভিযান চলাই হয়বৰগাঁও শান্তিপুৰৰ পৰা পিংকু ঘোষ নামৰ জুৱাৰী এজনৰ লগতে আন ছয় জন লোককো গ্ৰেপ্তাৰ কৰা হৈছিল।সেই লোক কেইজনক জেৰা কৰোতে নগাঁৱত চলি থকা জুৱাৰ নেটৱৰ্কৰ লগতে ইয়াৰ লগত জড়িত সকলোৰে নাম পোহৰলৈ আহে।তাৰ পাছৰ পৰাই নগাঁও আৰক্ষীয়ে জুৱাৰ নেটৱৰ্কৰ লগত জড়িত সকলৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।এই নেটৱৰ্কৰ মূল ব্যক্তি বাবুল আহমেদক বিচাৰি অভিযান চলাই থকা হৈছে যদিও তেওঁ আত্মগোপন কৰি থকাৰ বাবে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। কিন্তু অচিৰেই তেওঁ আৰক্ষীৰ জালত পৰিব।
তেওঁ আৰু কয়যে,যোৱা তিনি জুলাইত গ্ৰেপ্তাৰ কৰা পিংকু ঘোষ আৰু আন লোক সকলৰ স্বীকাৰোক্তিৰ ভিত্তিত কালি সন্ধিয়া নগাঁও আৰক্ষীয়ে এক অভিযান চলাই জুৱাৰ নেটৱৰ্কৰ লগত জড়িত আছান আহমেদ আৰু কুশল চন্দ্ৰ দাসকো গ্ৰেপ্তাৰ কৰা হৈছে।ধৃত আছানৰ ঘৰ নগাঁও চহৰৰ ফৌজদাৰীপট্টিত আৰু কুশলৰ ঘৰ আমোলাপট্টিত।
আনহাতে, নগাঁও চহৰত তলা বন্ধ উলংঘাকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই ৯৮০খন বিভিন্ন বাহন জব্দ কৰাৰ লগতে আইন উলংঘাকাৰী যানবাহনৰ পৰা যোৱা ২৪মাৰ্চৰ পৰা ৯.৭৫লাখ টকা জৰিমনা আদায় কৰা হৈছে। তাৰোপৰি তলাবন্ধ উলংঘাকাৰীৰ বিৰুদ্ধে ৭২টা গোচৰ ৰুজু কৰাৰ লগতে ১০৮জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। তাৰোপৰি মাস্ক পৰিধান নকৰা লোকৰ পৰাও ৮৭হেজাৰ টকা জৰিমনা আদায় কৰা হৈছে।