ড০ প্রফুল্ল মহন্তক সূর্য কুমাৰ ভূঞা বঁটা প্রদান
নিয়মীয়া বার্তা, 20 জানুৱাৰীঃ নগাঁও জিলা সাহিত্য সভাৰ ২০১৮–২০ বর্ষৰ বার্ষিক অধিৱেশনখন দেওবাৰে উপাসনা শাখা সাহিত্য সভাৰ উদ্যোগত নগাঁও চহৰৰ মিলনপুৰ বিহুতলীত দিনজোৰা কার্যসূচীৰে অনুষ্ঠিত হয়৷
কার্যসূচী অনুসৰি নৱনির্বাচিত সভাপতি পৰাণ কুমাৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত সমাজকর্মী বল্লদেৱ শর্মাই প্রয়াত পিতৃ তিলক চন্দ্র দেৱশর্মাৰ স্মৃতিত গঠন কৰা ন্যাস পুঁজিৰে প্রদান কৰা ড০ সূর্য কুমাৰ ভূঞা বঁটা–২০২০ প্রদান কৰা হয় বিশিষ্ট সাহিত্যিক ড০ প্রফুল্ল মহন্তক৷
বঁটা গ্রহণ কৰি দিয়া ভাষণত ড০ মহন্তই কয়–অসমীয়া জাতি আজি ভয়ংকৰ বিপদত পৰিছে৷ জাতিটোৰ এই সংকটৰ সময়ত আমি সকলোৱে ঐক্যবদ্ধভাৱে জাতিটোৰ সন্মুখত থিয় দিব লাগিব৷ এইক্ষেত্রত জাতীয় অনুষ্ঠান হিচাপে অসম সাহিত্য সভাই গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব লাগিব৷ এই সভাতেই জিলা সাহিত্য সভা বঁটা প্রদান কৰা হয় বিশিষ্ট সাহিত্যিক কুসুম বৰাক৷