নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত আন্তৰ্জাতিক নাৰী দিৱস পালন

 

নিয়মীয়া বাৰ্তা,৮ মাৰ্চ:দেশ -বিদেশৰ বিভিন্ন স্থানৰ লগতে ঢকুৱাখনাৰো কেইবাটাও স্থানত আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। ইয়াৰ ভিতৰত ঢকুৱাখনা মহাবিদ্যালয়ৰ মহিলা কোষ ,এন এচ এচ গোটৰ উদ‍্যোগত আৰু ঢকুৱাখনা মহাবিদ্যালয় প্ৰাক্তন ছাত্ৰ -ছাত্ৰী সংস্থা ,উন্নত ভাৰত অভিযান আৰু পৃথিয়াল গাঁও মহিলা সমিতিৰ সহযোগত পৃথিয়াল গাঁৱৰ নামঘৰত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। গাঁওখনৰ জ‍্যেষ্ঠ নাগৰিক দীননাথ বৰাৰ পৌৰোহিত‍্যত অনুষ্ঠিত সভাখন উদ্ধোধন কৰে ঢকুৱাখনা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ যোগানন্দ সূতে । উদ্ধোধনী ভাষণত ডঃ সূতে ‍ ৰামায়ণ আৰু মহাভাৰতৰ যুগৰ পৰা বৰ্তমান পৰ্যন্ত যুগলৈ ভাৰতত নাৰীৰ স্থান আন বহু দেশৰ তুলনাত বহু উচ্চ পৰ্যায়ৰ আৰু সন্মানীয় । তেওঁ নাৰীয়ে ঘৰ,সমাজ আৰু জাতিৰ উন্নয়নত কিদৰে অৰিহণা আগবঢ় ব পাৰে তাৰ ব‍্যাখ‍্যা আগবঢ়ায়। কাৰ্যসূচী অনুসৰি সভাৰ উদ্দেশ্য ব‍্যাখ‍্যা আগবঢ়াই ঢকুৱাখনা মহাবিদ্যালয় প্ৰাক্তন ছাত্ৰ -ছাত্ৰী সংস্থাৰ সাধাৰণ সম্পাদক হেমন্ত কুমাৰ বৰুৱাই ।সভাখন সমল ব্যক্তি হিচাপে বক্তব্য আগবঢ়াই ঢকুৱাখনা মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ‍্যাপিকা ইন্দু হাজৰিকা আৰু সহকাৰী অধ‍্যাপিকা শ্ৰুতিমালা বৰ্মণে । দুয়োগৰাকী সমল ব্যক্তিয়ে সৰল ভাষাৰে মহিলাসকলক তেওঁলোকৰ কৰণীয় সম্পৰ্কে বুজাই কয়।আজিৰ সভাত মহাবিদ্যালয়ৰ উপাধ‍্যক্ষ তথা প্ৰাক্তন ছাত্ৰ -ছাত্ৰী সংস্থাৰ সভাপতি চিত্ৰ কুমাৰ ডেকা ,জ্যেষ্ঠ অধ‍্যাপিকা তথা মহিলা কোষৰ সভানেত্ৰী ভাৰতী গগৈ আৰু সম্পাদিকা গীতাৰ্থী বৰগোহাঞি, সহকাৰী অধ‍্যাপিকা কৰৱী শইকীয়া ,পুষ্পাঞ্জলী দুৱৰী,প্ৰবীণ নাগৰিক দণ্ডী হাজৰিকা আদি উপস্থিত থাকে ।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like