ঢকুৱাখনাত কন কন শিশুৰ অংশগ্ৰহণেৰে উদুলি মুদুলি শিশু মেলা
নিয়মীয়া বাৰ্তা, ১২ আগষ্ট: ঢকুৱাখনাৰ অসমীয়া মাধ্যমৰ এখন অন্যতম শিক্ষানুষ্ঠান শংকৰদেৱ শিশু নিকেতনৰ শিশু কুঞ্জত আজি এক শিশু মেলাৰ খয়োজন কৰা হয়।৩ ৰ পৰা ৫ বয়সৰ শিশু সকলে স্বাধীনতা আন্দোলনত কনকলতা, অসমীয়া শিপিনী, অসমীয়া স্বাৱলম্বী মহিলা,অসমীয়া পৰম্পৰাগত সাজপাৰ পৰিধান আদি বিভিন্ন বেশভূষাৰে শিশু মেলাত অংশগ্ৰহণ কৰে।ঢকুৱাখনাৰ মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত অৰিন্দম বৰুৱাই উদ্ধোধন কৰা এই শিশু মেলা অনুষ্ঠানৰ বিভিন্ন কাৰ্যসূচীত এক উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হয়। শংকৰদেৱ শিশু নিকেতনৰ শিশু কুঞ্জত প্ৰতি বছৰে আয়োজন কৰা হয় । এই অনুষ্ঠানৰ ।কন কন শিশু সকলক প্ৰয়োগিক বোধ জন্মোৱাৰ লক্ষ্যৰে আজিৰ অনুষ্ঠানটো আয়োজন কৰা হৈছিল।এই অনুষ্ঠানৰ কাৰ্যসূচীত ঢকুৱাখনা শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য বনমালি সূত, আচাৰ্যা দেৱযানী চমুৱা, আচাৰ্য ৰাজীৱ তামুলী আদিৰ লগতে বহুসংখ্যক লোক উপস্থিত থাকে।