ঢকুৱাখনা জিলা পেক্ষাগৃহত হিতাধিকাৰীৰ ৰাজহুৱা সভাত সাংসদ প্ৰদান বৰুৱা
নিয়মীয়া বাৰ্তা, ১২ জুন: ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেত্ত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ অষ্টম বৰ্ষপূৰ্তি উপলক্ষে সমগ্ৰ ৰাজ্যৰ লগতে আজি ঢকুৱাখনা বিধান সভা সমষ্ঠিতো “ সেৱা , সু শাসন আৰু গৰীব কল্যাণ কাৰ্যক্ৰম“ৰ অংশ হিচাপে এখনি হিতাধিকাৰী ৰাজহুৱা সভা অনুস্থিত কৰা হয় ৷ ভাৰতীয় জনতা পাৰ্টিৰ ঢকুৱাখনা জিলা সমিতিৰ উদ্যোগত ঢকুৱাখনা জিলা পুথিভঁৰাল পেক্ষাগ্হত বিজিপিৰ ঢকুৱাখনা জিলা সমিতিৰ সভাপতি প্ৰদীপ চমুৱাৰ সভাপতিত্বত অনুস্থিত হিতাধিকাৰী সভাত ১৪ নং লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা , চটিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা, লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী মঞ্জু গোহাঁই , ৰাজ্যিক সমিতিৰ সদস্য বসন্ত শইকীয়া , বিজেপিৰ ঢকুৱাখনা মণ্ডল সমিতিৰ সভাপতি সুনীল দলে, ঘিলামৰা মণ্ডল সমিতৰ সভাপতি চন্দেশ্বৰ গগৈ , বগীনদী মণ্ডল সমিতিৰ সভাপতি দিনমণি মহন্ত . ঢকুৱাখনা পৌৰ সমিতি , ঢকুৱাখনা বিধানসভা সমষ্টিৰ অন্তগত ভাৰতীয় জনতা পাৰ্টিৰ জিলা , মণ্ডল আৰু আঞ্চলিক সমিতি, জিলা এছ চি আৰু এছটি মৰ্চা , চাহ মৰ্চা , জিলা ক্ষক মৰ্চা , মণ্ডল মৰ্চা আদিৰ সমুহৰ বিষয়ববীয়া বিষয়ববীয়া সকলৰ লগতে হিতাধিকাৰী আৰু পঞ্চায়ত প্ৰতিনিধি সকলো উপস্থিত থাকে ৷