ঢকুৱাখনা মহকুমা কৃষি বিভাগৰ উদ্যোগত ঘাৰমৰা নাট্য মন্দিৰত কেন্দ্ৰীয় ভাবে কাতি বিহুৰ আয়োজন
নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰঃ ঢকুৱাখনা মহকুমা ক্ষি বিষয়া কাৰ্যালয়ৰ অন্তগত ঢকুৱাখনা ক্ষি চক্ৰৰ অধিনৰ ঘাৰমৰা নাট্য মন্দিৰত ঢকুৱাখনা মহকুমা কৃষি বিভাগৰ উদ্যোগত ১৮ অক্টোবৰত কেন্দ্ৰীয় ভাবে কাতি বিহু আয়োজন কৰি মহকুমা কৃষিখণ্ডৰ অন্তগতসমূহ কৃষক ৰাইজৰ উপস্থিতিৰ কামনা কৰিছে ঢকুৱাখনা মহকুমা কৃষি বিষয়া গৌতম চন্দ্ৰ ডেকাই ৷ কৃষিজীবি অসমীয়াৰ বাপতিসাহোন কাতি বিহু দিনাই দিনৰ ২ বজাৰ পৰা কেন্দ্ৰীয় ভাবে উদযাপন হ’ব লগা কাতি বিহুৰ লগত সংগতি ৰাখি কৃষি বিভাগৰ বিভিন্ন আচঁনিৰ সন্দৰ্ভত এখনি সজাগতামূলক সভাও অনুষ্ঠিত কৰা হব বুলিও জানিবলৈ দিয়ে মহকুমা কৃষি বিষয়াগৰাকীয়ে ৷
প্ৰেৰক ঃ ৰাজেশ বুঢ়াগোহাঞি