ঢকুৱাখনা মহাবিদ্যালয়ৰ ৫৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ ব্যাপক আয়োজন
নিয়মীয়া বাৰ্তা, ২৩ জুলাই: সমগ্ৰ ঢকুৱাখনা অঞ্চলৰ পুৰণি উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ঢকুৱাখনা মহাবিদ্যালয়ে বিভিন্ন উল্থান পতনৰ মাজেৰে আহি স-গৌৰৱেৰে ৫৬ টা বছৰ অতিক্ৰম কৰিলে ৷ ১৯৬৬ চনতে সমগ্ৰ ঢকুৱাখনীয়া বাসীৰ আশাশুধীয়া প্ৰচেষ্টাত গঢ় লৈ উঠা আৰু শত সহস্ৰ ছাত্ৰ ছাত্ৰীৰ জীৱন গঢ়া ঐতিহ্যমণ্ডিত মহাবিদ্যালয় খনৰ ৫৬ বছৰীয়া বৰ্ষপূৰ্তি আয়োজনৰ ব্যাপক প্ৰস্তুতি সম্পূৰ্ণ কৰিছে মহাবিদ্যালয়ৰ পৰিয়াল৷ ঢকুৱাখনা মহাবিদ্যালয় পৰিয়ালৰ উদ্যোগত অহা ২৫ জুলাইত দিনজোৰা কাৰ্যসূচীৰে উলহ মালহেৰে উদযাপন কৰিব লগা ৫৬ বছৰীয়া বৰ্ষপূৰ্তি অনুষ্ঠানত ভাৰতৰ অৰণ্য মানব পদ্মশ্ৰী যাদব পায়েং বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব বুলি জানিবলৈ দি সকলোৰে উপস্থিতি আৰু সহযোগিতাৰ কামনা কৰিছে ঢকুৱাখনা মহাবিদ্যালয় কত্পক্ষৰ লগতে মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই ৷