ঢেকিয়াজুলিৰ গেজেংগাগুৰি-লাবাৰী সংযোগী গড়কাপ্তানি পথত প্ৰকাণ্ড গাঁত
- পকী কালভাৰ্টৰ কাষত প্ৰকাণ্ড গাঁত ৷
- যিকোনো মুহূৰ্তত হ’ব পাৰে দুৰ্ঘটনা ৷ কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷
নিয়মীয়া বাৰ্তা, ৯অক্টোবৰঃ ৰাজ্যখনৰ মন্ত্ৰী অশোক সিংহলৰ গৃহ সমষ্টি ঢেকিয়াজুলিৰ গেজেংগাগুৰি-আমতল ভেৰগাওঁ হৈ লা-বাৰী সংযোগী গড়কাপ্তানী পথটো শেহতীয়াকৈ মৰণ ফান্দত পৰিণত হোৱাত যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিছে পথচাৰীৰ লগতে স্থানীয় ৰাইজে ৷প্ৰাপ্ত অভিযোগ মতে পথটোৰ আমতল ভেৰগাওঁ আৰু আমতল বালি গাঁৱৰ সীমাত থকা এটা পকী কালভাৰ্টৰ দক্ষিণ অংশত এটা প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাত পথটোৰ প্ৰায় আধা অংশ খহি গৈছে৷মৰণফান্দ সদৃশ এই গাঁতটোত বহু কেইজন মটৰচাইকেল আৰোহী,চাইকেল আৰোহী দুৰ্ঘটনাগ্ৰস্ত হৈ চিৰদিনলৈ পংগু হ’বলগীয়া অৱস্থাৰ সৃষ্টি হৈছে ৷ইফালে পথটোৰ কালভাৰ্টৰ কাষত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাত মৰণফান্দসদৃশ হৈ থকা ঘটনা সন্দৰ্ভত বিভাগীয় কতৃপক্ষক স্থানীয় সচেতন ৰাইজে বহুবাৰ অভিযোগ দাখিল কৰি অৱগত কৰিছিল যদিও আজিলৈকে বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজ ক্ষুব্ধ হৈ পৰিছে৷স্থানীয় লোকে অভিযোগ কৰা অনুসৰি,এই গাঁতটোত পৰি ইতিমধ্যে কেইবাদিনো পথচাৰী আৰু মটৰচাইকেল আৰোহী দুৰ্ঘটনাগ্ৰস্ত হৈ চিৰদিনলৈ পংগু হৈ পৰিছে ৷পথটো ব্লক ইটাৰে নিৰ্মাণ কৰা সময়ত বহু বছৰৰ পুৰণি কালভাৰ্টতো পুনৰ নিৰ্মাণ নকৰাৰ বাবেই কাষত পানীয়ে খহাই নি প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে৷মৰণ ফান্দলৈ পৰ্যবেসিত হোৱা পথটোৰ এই গাঁতটো অতি শীঘ্ৰেই মেৰামতি নকৰিলে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছে৷স্থানীয় ৰাইজে অতি শীঘ্ৰেই ব্যস্ততাপূৰ্ণ পথটোত সৃষ্টি হোৱা মৰণফান্দ সদৃশ গাঁতটো মেৰামতি কৰিবৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে ৷
প্ৰেৰকঃ কল্পজ্যোতি নাথ,ঢেকিয়াজুলি