ঢোল-পেঁপা-গগনাৰ শব্দ, বাঁহী সুৰেৰে মুখৰিত চৰাইদেউ জিলা
নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুলৈ মাজতে মাত্র কেইদিনমান বাকী থকা অৱস্থাত ঐতিহাসিক চৰাইদেউ জিলাত এক অনন্য বিহুৰ পৰিৱেশ গা কৰি উঠিছে । উল্লেখ্য যে বিশ্বজুৰি প্ৰাদুৰ্ভাৱ হোৱা কৰ’না মহামাৰীৰ পৰিপ্ৰেক্ষিতত যোৱা দুটা বছৰ ৰাইজে বাপতি সাহোন ৰঙালী বিহুৰ উৎসাহ উদ্দীপনাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছিল । ইয়াৰ পৰিৱৰ্তে এইবাৰ পৰিস্থিতি উন্নত হৈ উঠাত ৰাইজে ৰঙালী বিহু উদযাপনৰ বাবে ব্যাপক উৎসাহী হোৱা পৰিলক্ষিত হৈছে ।
ৰঙালীৰ প্ৰাক্ক্ষণত জিলাখনৰ চহৰকে ধৰি গ্ৰাম্যাঞ্চলসমূহৰ ঠায়ে ঠায়ে বিভিন্ন দল – সংগঠনে বিহু কর্মশালা আৰম্ভ কৰিছে । বতৰ প্রতিকূল হ’লৈও ঢোল , পেঁপা গগনাৰ শব্দই উৎসাহী ৰাইজৰ মনত আবেগৰ সৃষ্টি কৰাৰ লগতে ইয়াৰ সুৰীয়া শব্দই আকাশ বতাহ ৰজনজনাই তুলিছে । ঢোল , পেঁপা , গগনাৰ লগতে মানুহৰ হৃদয় জুৰোৱা বাঁহীৰ অমিয়া সুৰে বাটৰুৱাৰ মনতো আনন্দ বিলাইছে । সম্প্রতি বিভীষিকাময় কৰ’না মহামাৰীৰ ভয়ার্ত পৰিৱেশৰ পৰা দুবছৰৰ অন্তত ৰঙালী বিহু উদযাপনৰ মুকলি পৰিৱেশ পাই জিলাখনৰ জাতি – ধর্ম – বর্ণ নির্বিশেষে সকলো শ্ৰেণীৰ লোকেই এইবাৰ উৎসাহী হোৱা পৰিলক্ষিত হৈছে ।
ইয়াৰ মাজতে জিলাখনৰ বিভিন্ন প্ৰান্তত চলি থকা বিহু কৰ্মশালাই ব্যস্ত জিলাখনক প্ৰাণৱন্ত কৰি তুলিছে । জিলাখনৰ সদৰ সোণাৰি নগৰৰ উপৰি দাঁতি কাষৰীয়া গ্রামাঞ্চলৰ পৰা ফুলকুমলীয়া শিশুৰ পৰা যৌৱনপ্রাপ্ত যুৱতীলৈ শতাধিক নাচনীৰ বিহু নাচে জিলাখনক এক অনন্য মাত্রা প্ৰদান কৰিছে । শতাধিক নাচনীয়ে ঢোল , পেঁপা , গগনাৰ গুৰুম্ গুৰুম্ শব্দ আৰু বাঁহীৰ অমিয়া সুৰৰ তালে তালে নাচি অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতি চলাইছে । নৃত্যাংগনা নলবাৰী আৰু নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত কালিৰে পৰা আৰম্ভ হোৱা বিহু আৰু জনজাতীয় নৃত্য কর্মশালাত জাতি – ধর্ম – বর্ণ নির্বিশেষে সকলো শ্ৰেণীৰ নাচনীয়ে অংশগ্রহণ কৰি আনন্দময় পৰিৱেশৰ সৃষ্টি কৰিছে ।