তামুলপুৰত ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত জোৱান অজিত কুমাৰ বৰ্মনৰ কৃষি কাৰ্যৰে সেউজ বিপ্লৱ
নিয়মীয়া বাৰ্তা , ৩১ অক্টোবৰ : নৱ গঠিত তামুলপুৰ জিলাৰ হাজাৰাগাঁওৰ এগৰাকী ভাৰতীয় সেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত জোৱানৰ সাম্প্ৰতিক কাৰ্যই অঞ্চলটোত আশাৰ ৰেঙনি কঢ়িয়াইছে । ভাৰতীয় সেনা বাহিনীৰ এই গৰাকী অৱসৰপ্ৰাপ্ত জোৱান অজিত কুমাৰ বৰ্মন । দেশৰ অখণ্ডতা কিম্বা দেশ মাতৃৰ হকে সুদীৰ্ঘ ২৮ বছৰ ধৰি তেওঁ নিষ্ঠা আৰু সততাৰে সেৱা আগবঢ়ায় । ১৯৮৩ চনত অজিত কুমাৰ বৰ্মনে ভাৰতীয় সেনা বাহিনীৰ Armoured Corps ত যোগদান কৰি ২০১১ চনত অৱসৰ গ্ৰহণ কৰে । তাৰ পিছত তেওঁ পাঁচ বছৰ কাল ডি এছ চি (Defence Security Core) ত সেৱা আগবঢ়ায় । সুদীৰ্ঘ ৩৩ বছৰ কাল চাকৰি কৰি ২০১৯ চনত তেওঁ নিজ গৃহত কৃষি কাৰ্যত জড়িত হৈ পৰে । কৰ্মসংস্কৃতিবান অজিত কুমাৰ বৰ্মনে নিজৰ কৃষি ভূমিত ৰঞ্জিত , মাচুৰী , আইজং , কলাজহা , কলা ধান আদি বিভিন্ন জাতৰ ধান খেতি , সৰিয়হ , মাকৈ , জলকীয়া , বেঙেনা , নহৰু আদিকে ধৰি বিভিন্ন ধৰণৰ শাক পাচলিৰ খেতি কৰি আহিছে । চলিত বৰ্ষত তেওঁ তেওঁৰ কৃষি কাৰ্য অধিক সম্প্ৰসাৰিত কৰি তুলিছে । প্ৰয়াত হৰিমোহন বৰ্মন আৰু প্ৰয়াত যজ্ঞশ্বেৰী বৰ্মনৰ সন্তান অজিত কুমাৰ বৰ্মনৰ কৃষি কাৰ্যত অঞ্চলটোৰ ২০–২৫ গৰাকী পুৰুষ মহিলাক জড়িত কৰোৱাইছে । অৱসৰকালীন সময়খিনি অবাবত ব্যয় নকৰি তেওঁ কৃষি কাৰ্যৰ সতে একাত্ম হৈ পৰিছে । কৃষি কাৰ্য সম্পাদন কৰি তেওঁ আৰ্থিকভাৱে লাভাবান্বিত হোৱাৰ উপৰি ২০–২৫ গৰাকী পুৰুষ মহিলাক কৰ্মসংস্থাপনৰ পথ মুকলি কৰি দিছে । উল্লেখযোগ্য যে ২০২০ চনত তেওঁৰ সহধৰ্মিনী কল্পনা বৰ্মনে এই পাৰ্থিৱ জগতৰ পৰা অনন্ত ধামলৈ গতি কৰে । নিজ পত্নীক অকালতে হেৰুওৱাই তেওঁ শোকত ভাগি পৰে । তথাপি মন ডাঠ কৰি কৰ্মউদ্যমী অজিত কুমাৰ বৰ্মনে চলাই যায় তেওঁৰ কৃষি কাৰ্য । কৃষি কাৰ্যৰে অঞ্চলটোত এক সেউজ বিপ্লৱৰ সূচনা কৰাৰ প্ৰয়াস অজিত কুমাৰ বৰ্মনৰ । ইয়াৰ মাজতে বন বিভাগৰ বিষয়া হিচাপে কৰ্মৰত তেওঁৰ কন্যা সন্তান ৰোজি বৰ্মন আৰু দ্বাদশ শ্ৰেণীত অধ্যয়নৰত পুত্ৰ সন্তান নমিত বর্মনক প্ৰকৃত নাগৰিক হিচাপে গঢ় দিয়াৰ বাবে তেওঁ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে । অজিত কুমাৰ বৰ্মনে এই প্ৰতিবেদকক জানিবলৈ দিয়া মতে তেওঁ সম্পূৰ্ণ বিজ্ঞানসন্মত ভাৱে সম্পাদন কৰিছে তেওঁৰ কৃষি কাৰ্য । অভিজ্ঞ ব্যক্তিৰ পৰা তেওঁ লৈছে গঠনমূলক দিহা পৰামৰ্শ । তামুলপুৰ মহকুমা কৃষি বিভাগেও সময়ে সময়ে তেওঁলৈ আগবঢ়াই আহিছে উপযুক্ত দিহা পৰামৰ্শ । কৃষি প্ৰধান এইখন অসম মুলুকত কৰ্মসংস্কৃতিবান , অল্পভাষী অজিত কুমাৰ বৰ্মনৰ এনে পদক্ষেপ অৱশ্যেই অনুকৰনীয় । #