নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিতাবৰত আছু–বিজেপি কর্মীৰ মাজত হতাহতি, বাক-বিতণ্ডা

নিয়মীয়া বাৰ্তা ১৮ ফেব্ৰুৱাৰীঃ সাংগঠিক সভাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে সোমবাৰে তিতাবৰত উপস্থিত হয় অসম বিজেপিৰ সভাপতি ৰঞ্জিত দাস । পুৱা ১০.৩০ বজাত উপস্থিত হ’বলগীয়া সভাপতিগৰাকী বহু পলমকৈ উপস্থিত হোৱাত দলীয় কৰ্মী একাংশৰ মাজত অসন্তুষ্টি সৃষ্টি হোৱা পৰিলক্ষিত হয়৷ তিতাবৰ দেৱ বৰা সোঁৱৰণী প্রেক্ষাগৃহত অনুষ্ঠিত দলীয় সভালৈ সভাপতিগৰাকী আহি থকা অৱস্থাত ন–আলি ৰে’ল গেটৰ সন্মুখত বহু আগৰ পৰা খাপ পিটি ৰৈ থকা আছু কর্মীসকলে ক’লা পতাকা প্রদর্শন কৰে৷

 উক্ত সময়ত ৰে’ল গেট বন্ধ হৈ যোৱা বাবে ক’লা পতাকা জোকাৰি জোকাৰি আছু কর্মীসকলে উত্তাল পৰিৱেশ সৃষ্টি কৰি বিজেপি গ’ বেক, ৰঞ্জিত দাস হায় হায় আদি শ্লোগান দিয়ে৷ একাংশ বিজেপি কর্মী আৰু আছু কর্মীৰ মাজত তাকে লৈ হতাহতিৰ সৃষ্টি হয় যদিও কিছু সময়ৰ পাছত পৰিৱেশ শান্ত হয়৷ বিজেপিৰ কর্মীসকলে সভাপতিগৰাকীক বাইক ৰেলী কৰি যোৰহাটৰ দিশৰ পৰা আদৰি আনে৷ সভাপতিৰ লগত ৰাজ্যসভাৰ সাংসদ কামাখ্যাপ্রসাদ তাছা উপস্থিত আছিল৷ সভাপতি ৰঞ্জিত দাসে দলীয় সাংগঠনিক সভাৰ শেষত সাংবাদিকসকলৰ আগত প্রকাশ কৰে যে বিজেপিয়ে উন্নয়নৰ দিশত আগবাঢ়ি গৈ আছে আৰু অহা নির্বাচনত আমি ১০০খন আসন লাভ কৰিম৷ তিতাবৰত এগৰাকী নতুন বিধায়ক পাব তিতাবৰবাসীয়ে৷ সাংবাদিকৰ প্রশ্ণৰ উত্তৰত সভাপতিগৰাকীয়ে কয়– তেওঁলোকে আমাক ক’লা পতাকা দেখুৱাইছে আৰু আমি গামোচা জোকাৰি তেওঁলোকক আদৰণি জনাইছোঁ৷ তিতাবৰ আৰু মৰিয়নিৰ পৰাই মিছন ১০০ আৰনভ হ’ল বুলি সভাপতিগৰাকীয়ে মন্তব্য কৰে৷ আনহাতে, ক’লা পতাকা দেখুৱাৰ বাবে বিজেপি কর্মীয়ে আছু কর্মীৰ লগত কৰা আচৰণক তীব্র সমালোচনা কৰিছে তিতাবৰ আঞ্চলিক ছাত্র সন্থাৰ সম্পাদক বিশাল শইকীয়া আৰু মহকুমা ছাত্র সন্থাৰ সভাপতি দিগন্ত বৰাই৷ নেতাদ্বয়ে সাংবাদিকৰ আগত উল্লেখ কৰে যে আমি অহিংসাৰে গণতান্ত্রিকভাৱে প্রতিবাদ কৰিছোঁ৷ কিন্তু বিজেপিৰ গুণ্ডা বাহিনীয়ে আমাক আক্রমণ কৰাৰ লগতে ক’লা পতাকা কাঢ়ি লৈছে৷ তেওঁলোকৰ গুণ্ডাগিৰি আমি ভয় নকৰোঁ, তেওঁলোকে অসম আৰু অসমীয়াৰ চিন্তা কৰিব পৰা নাই৷ কেৱল তৈলমর্দন আৰু দালালিগিৰিৰ উচিত প্রত্যুতৰ আমি দিম বুলি দাবী কৰে নেতাদ্বয়ে৷ সাংগঠনিক সভাৰ পাছতেই সভাপতিগৰাকী মৰিয়নি গৈ আন এখন সভাত অংশগ্রহণ কৰে৷

You might also like