নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিতাবৰত ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষৰ দুহেজাৰ ত্ৰিৰংগা বিতৰণ

নিয়মীয়া বাৰ্তা, ১২ আগষ্ট: স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে অমৃত মহোৎসৱৰ হৰ ঘৰ ত্ৰিৰংগা ঘৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী অনুসৰি ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ কুমুদ কছাৰীয়ে নিজা প্ৰচেষ্টাৰে দুহেজাৰ ত্ৰিৰংগা তিতাবৰত বিতৰণ কৰে।পৰিষদৰ অধ্যক্ষ গৰাকীয়ে তিতাবৰত অমৃত মহোৎসৱ সফল কৰি তুলিবৰ কাৰণে কালিৰ পৰা বিভিন্ন গ্ৰাম্যাঞ্চলত পুৰুষ মহিলা , ছাত্ৰ ছাত্ৰী, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান , আত্ম সহায় গোট , জ্যেষ্ঠ নাগৰিকৰ ঘৰে ঘৰে গৈ ত্ৰিৰংগা বিতৰণ কৰে।আজি অধ্যক্ষ গৰাকীয়ে গ্ৰাম্য সাংবাদিক সন্থা তিতাবৰ মহকুমা সমিতিৰ কাৰ্যালয়ত উপস্থিত হৈ সাংবাদিক সকলক ত্ৰিৰংগা বিতৰণ কৰে। ইয়াৰোৰিও অধ্যক্ষগৰাকীয়ে ষ্টেচন তিনি আলিত ব্যৱসায়ী আৰু বাটৰুৱা ৰাইজৰ মাজত ত্ৰিৰংগা বিনামূলীয়াকৈ বিতৰণ কৰে।পৰিষদৰ অধ্যক্ষ গৰাকীয়ে তিতাবৰ বাসী ৰাইজক ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰীয়া জয়ন্তীত সকলোকে ঘৰে ঘৰে ত্ৰিৰংগা আঁৰি দেশৰ আনন্দ উৎসৱৰ সমভাগি হবলৈ হবলৈ আহ্বান জনায়।

You might also like